নেশ্যনেল ডেস্ক,৩১ মাৰ্চ :শনিবাৰে কাৰাগাৰৰ পৰা ওলাই আহিব পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি নৱজ্যোৎ সিং সিদ্ধু (Navjot Singh Sidhu to released tomorrow)। সিদ্ধুৰ টুইটাৰ একাউণ্টৰ পৰা এটা টুইটযোগে এই কথা প্ৰকাশ কৰা হৈছে । লগে লগে ৰাজনৈতিক মহলত ব্যাপক কৌতূহলে বিৰাজ কৰিছে (Suspense over Sidhu released from Jail)।
ইয়াৰ পূৰ্বে, ২৬ জানুৱাৰীত তেওঁক পাটিয়ালা কাৰাগাৰৰ পৰা মুক্তি দিয়া হ'ব বুলি আশা কৰা হৈছিল । সেই সময়ত বিষয়াসকলে ঘোষণা কৰিছিল যে কাৰাগাৰৰ ভিতৰত ভাল আচৰণ কৰাৰ বাবে গণৰাজ্য দিৱস উপলক্ষে ৫০ গৰাকী কয়দীক মুকলি কৰি দিয়া হ'ব আৰু তাৰ ভিতৰত আছে নৱজ্যোৎ সিং সিদ্ধুৰ নাম । কিন্তু মুক্তিৰ তাৰিখ নিৰ্ধাৰণ হোৱাৰ লগে লগে পঞ্জাৱৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছিল (Navjot Sidhu in Jail)। সিদ্ধুৰ মুক্তিৰ পূৰ্বে পঞ্জাৱ কংগ্ৰেছত এক আলোড়নৰ সৃষ্টি হৈছিল । অৱশ্যে তাৰ মাজতে নৱজ্যোৎ সিং সিদ্ধুৰ মুক্তি বাতিল কৰা হৈছিল ।
পাটিয়ালা কাৰাগাৰত বন্দী নৱজ্যোৎ সিদ্ধুৰ ভগ্নী তথা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী সুমন তুৰে সিদ্ধু সম্পৰ্কে বিশেষ আবেদন জনাই চৰ্চাত আছিল । তথ্য অনুসৰি, নৱজ্যোৎ সিং সিদ্ধুৰ ভগ্নীয়ে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওচৰত এক আৱেগিক আবেদন জনাইছিল (Emotional appeal of Navjot Sidhus sister)। এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে তেওঁ কয় যে নৱজ্যোৎ সিং সিদ্ধুৰ পত্নী ড০ নৱজ্যোৎ কৌৰৰ কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰৰ প্ৰতি লক্ষ্য ৰাখি নৱজ্যোৎ সিং সিদ্ধুক মুকলি কৰি দিয়া উচিত । তেওঁ কৈছিল যে নৱজ্যোৎ সিং সিদ্ধুক সহানুভূতিৰ ভিত্তিত মুক্তি দিয়া উচিত বুলিও দাবী কৰিছিল ।
উল্লেখ্য যে নৱজ্যোৎ সিং সিদ্ধুৰ ভগ্নীয়ে বহুবাৰ সংবাদ মাধ্যমত বিতৰ্কিত মন্তব্য কৰি চৰ্চা লাভ কৰিছিল । নৱজ্যোৎ সিং সিদ্ধু আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি ভগ্নী চৰ্চাত আছিল । আনহাতে সিদ্ধু পৰিয়ালে তাক অস্বীকাৰ কৰিছিল ।
লগতে পঢ়ক :Maruti Suzuki cars will cost more from April : পুনৰ বৃদ্ধি হ'ব মাৰুতি চুজুকীৰ বাহনৰ মূল্য