অসম

assam

By

Published : Jul 24, 2023, 9:04 AM IST

ETV Bharat / bharat

Navjot Singh Sidhu: দুৰ্ঘটনাত পতিত যুৱকক নিজৰ গাড়ীৰে হাস্পতাললৈ নিলে নৱজোৎ সিদ্ধুৱে

নৱজোৎ সিং সিদ্ধুৱে দেখুৱালে মহানুভৱতা ৷ দুঘৰ্টনতা পতিত এজন যুৱকক নিজৰ গাড়ীৰে চিকিৎসালয়ত ভৰ্তি কৰোৱাই প্ৰাণ বচালে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

Navjot Singh Sidhu helps a youth
Navjot Singh Sidhu

নিউজ ডেস্ক, 24 জুলাই: পঞ্জাবৰ খান্নাৰ কৌৰী গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত সংঘটিত দুৰ্ঘটনাত পতিত হৈ মটৰ চাইকেলৰ তলত আৱদ্ধ হৈ যন্ত্ৰণাত চটফটাই থকা এজন যুৱকৰ প্ৰাণ ৰক্ষা কৰিলে কংগ্ৰেছ নেতা তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধুৱে । কোনো পথচাৰীয়ে সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল যুৱকজনক ৷ ফলত ৰাজপথতে চটফটাই থাকিবলগীয়া হৈছিল তেওঁ ৷

ইফালে পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি নৱজোৎ সিং সিদ্ধুৰ কনভয় সেই সময়তে উক্ত স্থানত উপস্থিত হয় । যুৱকজনক দেখি সিদ্ধুৱে গাড়ীবোৰ ৰখাই দিয়ে । আহতজনক তেওঁৰ জিপচি গাড়ীৰে অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় । আহত যুৱকজনক চিকিৎসালয়লৈ লৈ আহে সিদ্ধুৰ নিৰাপত্তাৰক্ষীয়ে । সিদ্ধুৰ এই প্ৰচেষ্টাৰ বাবেই যুৱকজনৰ প্ৰাণ ৰক্ষা পৰিল আৰু তেওঁৰ অৱস্থা বিপদমুক্ত বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, সেই সময়ত কংগ্ৰেছৰ সত্যগ্ৰহ আন্দোলনৰ পৰা উভতি আহিছিল সিদ্ধু । তথ্য অনুসৰি নৱজোৎ সিদ্ধু লুধিয়ানাত অনুষ্ঠিত কংগ্ৰেছৰ সত্যগ্ৰহ আন্দোলনৰ পিছত পাটিয়ালালৈ উভতি আহিছিল । খান্নাৰ কৌৰী গাঁৱৰ প্ৰাক্তন ৰাজ্যসভা সদস্য শমশ্বেৰ সিং দুলোৰ কাৰখানাত ক্ষন্তেক ৰৈছিল সিদ্ধুৱে ।

দুলোক লগ পোৱাৰ পাচত পাটিয়ালালৈ যোৱাৰ পথতে তেজেৰে লুতুৰি-পুতুৰি হৈ এজন যুৱকে GT পথত মটৰ চাইকেল চলোৱা দেখা পায় সিদ্ধুৱে । লগে লগে সিদ্ধুৱে তেওঁক সহায় কৰিলে । আহত যুৱকজন ৰোহতে নাভা গাঁৱৰ ৰাজৱিন্দৰ সিং ৷ তেওঁক এখন বাহনে খুন্দা মাৰে ।

লগতে পঢ়ক:Varanasi Gyanvapi mosque: জ্ঞানবাপী মছজিদত ASI ৰ বিজ্ঞানসন্মত জৰীপ আৰম্ভ

আনহাতে, সিদ্ধুৰ নিৰাপত্তাৰক্ষীয়ে যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিচতে যুৱকজনৰ অৱস্থাৰ বিষয়ে জানিবলৈ চিকিৎসালয়ত উপস্থিত হয় শমশ্বেৰ সিং দুলো । ইফালে নৱজোত সিদ্ধুৰ নিৰাপত্তাৰক্ষী এ এছ আই গুৰমেজ সিঙে জনোৱা মতে, যুৱকজনে যেতিয়া কষ্ট পাইছিল তেতিয়া তেওঁৰ ওচৰতে ১০-১২ জন লোক থিয় হৈ আছিল । কোনেও সহায় কৰা নাছিল । ইফালে নৱজোত সিদ্ধুৱে গাড়ীকেইখন ৰখাই জিপচি গাড়ীৰে যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক ডাঃ ৰাঘৱে কয় যে, যুৱকজনৰ অৱস্থা বিপদমুক্ত । তেওঁৰ উৰুত ভাঙি গৈছে । শৰীৰত আৰু কিছু আঘাত পাইছে । সিদ্ধু আৰু দুলোৰ প্ৰচেষ্টাত যুৱকজনে সময়মতে ইয়াত উপস্থিত হ’ল । এতিয়া পৰিয়ালৰ লোকৰ অনুৰোধত যুৱকজনক এখন ডাঙৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

ABOUT THE AUTHOR

...view details