অসম

assam

ETV Bharat / bharat

সাধাৰণ জ্বৰ-কাহ নে অ’মিক্ৰণ ? - অ’মিক্ৰণৰ লক্ষণসমূহ

বতৰৰ পৰিৱৰ্তনৰ বাবে হোৱা সাধাৰণ জ্বৰ-কাহে শীতৰ শেষৰ দিন কেইটাত বিবুধিত পেলাইছে ৰাইজক (Omicron or common cold) ৷ সাধাৰণ জ্বৰ-কাহ নে অ’মিক্ৰণত আক্ৰান্ত হৈছে সাধাৰণ ৰাইজ ইয়াকে লৈ হৈছে চিন্তিত ৷ সেয়ে জানি থওঁ আহক অ’মিক্ৰণ সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ কথা ৷

nausea-loss-of-appetite-new-symptoms-of-omicron-study
সাধাৰণ জ্বৰ-কাহ নে অ’মিক্ৰণ ?

By

Published : Jan 6, 2022, 5:11 PM IST

নেশ্যনেল ডেস্ক, 6 জানুৱাৰী : সাধাৰণ জ্বৰ-কাহ নে অ’মিক্ৰণ (Omicron or common cold)? পৰিৱৰ্তিত বতৰৰ লগতে ক্ৰমাৎ, বাঢ়ি অহা অ’মিক্ৰণৰ সংক্ৰমণৰ মাজত কাহ, জ্বৰ, ডিঙিৰ বিষ, নাকৰ পৰা অহৰহ পানী বৈ থকা, মূৰৰ কামোৰণি ইত্যাদি বেমাৰৰ লক্ষণে আপোনাক বিবুধিত পেলাব পাৰে ৷ সেয়ে জানি থওক কেইটামান গুৰুত্বপূৰ্ণ কথা -

শীতকাল যাবৰে হ’ল, ভাৰতৰ বেছিভাগ ৰাজ্যৰ মানুহে এতিয়া শীতৰ বাকী থকা দিন কেইটা উপভোগ কৰিছে ৷ এই সময়খিনিত বতৰৰ পৰিৱৰ্তনে মানুহৰ থকা, খোৱা, শোৱা সকলোতে প্ৰভাৱ পেলায় ৷ ঠায়ে ঠায়ে জলবায়ু, তাপমাত্ৰাৰ বাবে অৱশ্যে সাধাৰণ বেমাৰৰ লক্ষণ সমূহো কিছু কিছু ক্ষেত্ৰত বেলেগ হয় ৷ সাধাৰণতে শীতৰ এই সময়ছোৱাত আপোনাৰ জ্বৰ-কাহ হোৱাৰ সম্ভাৱনা বেছি থাকে ৷ ক’ভিড-19 ৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণৰ লক্ষণ (symptoms of Omicron variant of COVID) সমূহৰ সৈতে এই সাধাৰণভাৱে হোৱা জ্বৰ কাহৰো কিছু সাদৃশ্য আছে ৷

বৰ্তমানে দিনক দিনে বাঢ়ি অহা অ’মিক্ৰণৰ সংক্ৰমণৰ (Rising transmission of Omicron) মাজত হয়তো আপোনাক এনে সৰু বেমাৰেও শংকিত কৰি তুলিব পাৰে , সেয়ে সকলোৱে বেমাৰ ভেদে পাৰ্থক্যবোৰ জানি থোৱাটো দৰকাৰী যাতে বেমাৰ অনুসৰি প্ৰকৃত চিকিৎসা লাভ কৰিব পাৰে ৷

কাহ, সোৱাদ নোপোৱা, গোন্ধ নোপোৱা, ভাগৰ অনুভৱ কৰা, শ্বাস-প্ৰশ্বাসত কষ্ট, তীব্ৰ জ্বৰ আদি লক্ষণবোৰৰ সৈতে ক’ভিড-19 ৰ সৈতে কিছু পৰিমাণে সাদৃশ্য আছে অ’মিক্ৰণৰ লক্ষণৰো ৷ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই সদৰী কৰা মতে অ’মিক্ৰণৰ প্ৰধান লক্ষণ কেইটা হ’ল নাকেৰে অহৰহ পানী বৈ থকা, নিৰন্তৰ কাহ হৈ থকা, ভাগৰ লগা আৰু ডিঙি সোপা মাৰি ধৰা ৷

এইবোৰৰ উপৰিও Zoe নামৰ এটা এপে প্ৰকাশ কৰিছে যে বমিৰ ভাৱ আৰু ভোক নলগাকৈ থকা অ’মিক্ৰণৰ লক্ষণত পৰে ৷ লগতে ডিঙি বিষ, শৰীৰত বিষ অনুভৱ, নিশা ঘাম ওলোৱা আৰু হাঁচি মৰাও অ’মিক্ৰণৰ লক্ষণ হ’ব পাৰে ৷ অ’মিক্ৰণৰ এই লক্ষণসমূহ সাধাৰণ জ্বৰ কাহৰ সৈতে কিছু পৰিমাণে বিভ্ৰান্তিকৰ ৷ ক’ভিড-19 আৰু অ’মিক্ৰণৰ লক্ষণসমূহৰ মাজত সাদৃশ্য আছে যিহেতু দুয়োটা বেমাৰতেই ভাইৰাছে উৰ্ধ শ্বাসতন্ত্ৰক প্ৰভাৱিত কৰে ৷

যদিওবা লক্ষণসমূহে আপোনাক বিবুধিত পেলাব পাৰে, বিশেষজ্ঞই কৈছে যে অ’মিক্ৰণৰ লক্ষণসমূহ অধিক প্ৰভাৱশালী ৷ লক্ষণসমূহ অনুভৱ কৰাৰ পিছতো যদি আপুনি বিবুধিত থাকে তেতিয়া এটা টেষ্ট কৰাই লওক যাতে প্ৰকৃত চিকিৎসা ল’ব পাৰে ৷ অষ্ট্ৰেলিয়ান বিশেষজ্ঞ সকলে ক’ভিড-19ৰ পৰা পৰিত্ৰাণ পাবলৈ যথেষ্ট পৰিমাণে পানী খাবলৈ উপদেশ দিয়াৰ লগতে আৰাম কৰাৰ পৰামৰ্শ দিছে ৷

লগতে পঢ়ক :Entry restricted for tourists in Panimur : পানীমূৰত পৰ্যটকৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি

ABOUT THE AUTHOR

...view details