নেশ্যনেল ডেস্ক,৩১ অক্টোবৰ :আজি চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী । তাৰ লগত সংগতি ৰাখি দেশজুৰি ৰাষ্ট্ৰীয় একতা দিৱসৰ আয়োজন কৰা হৈছে । ইফালে পুৱাই দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি জ্ঞাপন কৰে । ৰাষ্ট্ৰপতিগৰাকীৰ উপৰিও উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু কেইবাগৰাকী বিশিষ্ট নেতাই মঙলবাৰে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
ৰাষ্ট্ৰীয় ৰাজধানীৰ পেটেল চকত আয়োজিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি মূৰ্মু, উপ-ৰাষ্ট্ৰপতি ধনখড়, অমিত শ্বাহ আৰু অন্যান্য নেতাসকলে ভাৰতৰ প্ৰথম গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি জ্ঞাপন কৰে ।
শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে চৰ্দাৰ বল্লভভাই পেটেলে দৃঢ় ইচ্ছা শক্তি, ৰাজনৈতিক জ্ঞান আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কেইবাটাও ভাগত বিভক্ত ভাৰতক এক ঐক্যবদ্ধ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত জোৰ দিছিল । তেওঁৰ মতে দেশৰ প্ৰথম গৃহ মন্ত্ৰী হিচাপে চৰ্দাৰ বল্লভভাই পেটেলৰ সমৰ্পিত জীৱন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ তেওঁৰ কৰ্মই দেশবাসীক সদায় অনুপ্ৰাণিত কৰি থাকিব ।