অসম

assam

National Protein Day 2023: আমাৰ স্বাস্থ্যৰ বাবে প্ৰ'টিন কিমান প্ৰয়োজনীয়, এই সন্দৰ্ভত পুষ্টিবিদে কি কয় জানি লওক

By

Published : Feb 25, 2023, 9:33 PM IST

চলিত বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীত ভাৰতত পালন কৰা হ'বলৈ গৈ আছে ৰাষ্ট্ৰীয় প্ৰ'টিন দিৱস ৷ প্ৰ'টিন আমাৰ শৰীৰৰ বাবে কিয় প্ৰয়োজনীয় ৷ খাদ্যত প্ৰ'টিন থকাটো কিয় অতি গুৰুত্বপূৰ্ণ ? এই সন্দৰ্ভত বিশেষজ্ঞৰ মতামত কি জানি লওক...

National Protein Day 2023: Protein food is necessary to stay healthy know what nutritionist says
আমাৰ স্বাস্থ্যৰ বাবে প্ৰ'টিন কিমান প্ৰয়োজনীয়, এই সন্দৰ্ভত পুষ্টিবিদে কি কয় জানি লওক

সুস্থ হৈ থাকিবলৈ আমাৰ শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থকে ধৰি বহুতো পুষ্টিকৰ উপাদানৰ প্ৰয়োজন । ইয়াৰে এটা হ’ল প্ৰ’টিন । বিশেষকৈ আমাৰ শৰীৰৰ কোষবোৰৰ ৰক্ষণাবেক্ষণ আৰু বিকাশৰ বাবে প্ৰ'টিন অতি গুৰুত্বপূৰ্ণ । প্ৰ'টিন অবিহনে শৰীৰৰ বিকাশ আৰু প্ৰতিৰোধ ক্ষমতা সম্ভৱ নহয় । মানুহৰ মাজত প্ৰ'টিন সম্পৰ্কে সজাগতা বৃদ্ধিৰ লগতে প্ৰ'টিন সমৃদ্ধ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰতি বছৰে ২৭ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় প্ৰ'টিন দিৱস পালন কৰা হয়(National Protein Day 2023)।

উল্লেখ্য যে, এইবাৰ ভাৰতত চতুৰ্থতম ৰাষ্ট্ৰীয় প্ৰ'টিন দিৱস পালন কৰা হ'ব । এইবাৰ প্ৰ'টিন দিৱসৰ বিষয়বস্তু হৈছে- "Easy Access To Protein For All" মানে সকলো মানুহে যাতে সহজে প্ৰ'টিন পাব পাৰে(Which day is being observed National protein Day)। দেশৰ সকলো জনসাধাৰণৰ বাবে প্ৰ'টিন সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উপৰিও দ্য হেল্থ পেণ্ট্ৰিৰ পুষ্টিবিদ আৰু ডায়েবেটিছ এডুকেটৰ খুছবু জৈন তিবদেৱালাই ভাৰতৰ পুষ্টিবিদসকললৈ এখন মুকলি পত্ৰ লিখিছে(What is the theme of protein day?)।

পুষ্টিবিদৰ গুৰুত্বপূৰ্ণ ভূমিকা

ডায়েবেটিছ শিক্ষাবিদ খুছবু জৈন তিবদেৱালাই কয় যে, এজন পুষ্টিবিদ হিচাপে আমি দেশৰ জনসাধাৰণক পুষ্টি আৰু খাদ্যৰ উৎসৰ বিষয়ে সজাগ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰোঁ(National protein day in India)। কিন্তু আজিৰ সময়ত আমাৰ এই ভূমিকা অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে কাৰণ মানুহে গেলামালৰ দোকান, চুপাৰ মাৰ্কেট, ৰেষ্টুৰেণ্ট আৰু অনলাইন ডেলিভাৰী এপৰ জৰিয়তে নিজৰ পাকঘৰৰ বাবে বহুতো বিকল্প লাভ কৰিছে(National Protein Day 2023)। কিন্তু পুষ্টিৰ প্ৰতি সজাগতা বৃদ্ধি পোৱাৰ পিছতো আমাৰ খাদ্য ভাত আৰু ঘেঁহুৰ দৰে কাৰ্বহাইড্ৰেটযুক্ত খাদ্যৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল(What are the top 10 protein foods?)।

ৰাইট টু প্ৰ'টিন চাৰ্ভত কি কথাই চৰ্চা লাভ কৰিলে ?

২০২০ চনত ২১০০ গৰাকী ভাৰতীয় মাতৃৰ ওপৰত কৰা ৰাইট টু প্ৰ'টিন গৱেষণাৰ তথ্য অনুসৰি শক্তিৰ বাবে প্ৰ'টিনতকৈ কাৰ্বহাইড্ৰেট খাদ্যত অন্তৰ্ভুক্ত কৰাটো অধিক গুৰুত্বপূৰ্ণ বুলি ৮৪ শতাংশই বিশ্বাস কৰে(What is the theme of National protein Day 2022?)। একে সময়তে নেশ্যনেল নিউট্ৰিচন মনিটৰিং ব’ৰ্ডৰ এক সমীক্ষাত প্ৰকাশ পাইছে যে, ভাৰতীয়সকলে ৬০ শতাংশ প্ৰ’টিন গ্ৰহণ কৰে শস্যজাতীয় খাদ্যৰ পৰা । ভাৰতে আগন্তুক ২৫ বছৰলৈ ‘অমৃত কাল’ৰ দৃষ্টিভংগী ৰাখিছে । ইয়াৰ উপৰিও ভাৰতে স্বাধীনতাৰ ১০০ বছৰ ২০৪৭ চনত সম্পূৰ্ণ কৰিব । ভাৰতে নিজৰ উন্নয়ন আগুৱাই নিবলৈ হ’লে প্ৰতি বছৰে জন্ম হোৱা ২.৬ কোটি শিশু আৰু ৩৫ বছৰৰ তলৰ জনসংখ্যাৰ ৬৫ শতাংশৰ বাবে গুণগত শিক্ষাৰ লগতে স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজনীয় ।

পুষ্টিবিদসকলে কেনেকৈ সহায় কৰিব পাৰে ?

খুছবু জৈন তিবদেৱালাৰ মতে, পুষ্টিবিদসকলে মানুহক খাদ্যত প্ৰ'টিন অন্তৰ্ভুক্ত কৰাত সহায় কৰিব পাৰে । তেওঁ কয় যে, পুষ্টিবিদসকলে নিজৰ পৰ্যায়ত এই বিষয়ে মানুহক জ্ঞান দিব পাৰে । প্ৰ'টিনৰ পৰা তৈয়াৰী পৰম্পৰাগত খাদ্যৰ বিষয়ে মানুহক ক’ব পাৰে । ইয়াৰ বাহিৰেও মানুহে প্ৰ’টিনৰ প্ৰয়োজনীয়তাৰ কথা ক’ব পাৰে ।

খাদ্যত প্ৰ'টিন অতি গুৰুত্বপূৰ্ণ

শাৰীৰিক আৰু জ্ঞানমূলক বিকাশৰ বাবে পৰ্যাপ্ত পৰিমাণৰ প্ৰ'টিন অতি গুৰুত্বপূৰ্ণ । প্ৰটিনৰ অভাৱত ভোগা লোকসকলে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সন্মুখীন হ’ব পাৰে, যিয়ে আমাৰ কৰ্মশৈলী আৰু উৎপাদনশীলতাতো প্ৰভাৱ পেলায় ।

লগতে পঢ়ক:Teething Problems in Children: এইসমূহ ব্যৱস্থা তথা সাৱধানতাই শিশুৰ দাঁত ওলোৱাৰ প্ৰক্ৰিয়াত সকাহ দিব পাৰে

ABOUT THE AUTHOR

...view details