অসম

assam

আৰম্ভ হ’ল ৰাষ্ট্ৰীয় পোষণ সপ্তাহ

By

Published : Sep 1, 2021, 11:28 AM IST

পুষ্টিহীনতা ৰোধৰ উদ্দেশ্যে প্ৰতি বছৰৰ 1 ছেপ্তেম্বৰৰ পৰা সাতদিনীয়াকৈ দেশত পালন কৰা হয় পৰিপুষ্টি অথবা পোষণ সপ্তাহ ৷ ভাৰতৰ দৰে উন্নয়নশীল দেশৰ কাৰণে পুষ্টিহীনতা এক প্ৰধান সমস্যা হিচাপে পৰিচিত হৈছে ৷ ইয়াক দূৰ কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী পালন কৰা হয় ৷

national nutrition week
আজি ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ দিৱস

নিউজ ডেস্ক, 1 ছেপ্তেম্বৰ :পুষ্টি হৈছে সু-স্বাস্থ্য আৰু ভাল জীৱন যাপনৰ মূল চাবি-কাঠি । আমাক সুস্থ, সবল আৰু শক্তিশালী মনৰ অধিকাৰী হোৱাত পুষ্টিৰ এক অনন্য ভূমিকা আছে । স্বাস্থ্যৱান শিশুৱে তুলনামূলকভাৱে ভালদৰে শিকিব পাৰে । পৰ্যাপ্ত পুষ্টি থকা লোকসকল তুলনামূলকভাৱে অধিক সৃষ্টিশীল হয় ।

আৰম্ভ হ’ল ৰাষ্ট্ৰীয় পোষণ সপ্তাহ

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, "পুষ্টি হৈছে শৰীৰৰ খাদ্যৰ প্ৰয়োজনীয়তা অনুসৰি খাদ্য গ্ৰহণ কৰা"। পুষ্টিকৰ খাদ্যৰ অভাৱ আৰু অসন্তুলিত খাদ্য গ্ৰহণৰ ফলত পুষ্টিহীনতাই দেখা দিয়ে । অপুষ্টিয়ে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে, দুৰ্বলতা বৃদ্ধি কৰে, শাৰীৰিক আৰু মানসিক বিকাশত বাধাৰ সৃষ্টি কৰে আৰু যিকোনো প্ৰকাৰৰ উৎপাদন ক্ষমতা হ্ৰাস কৰিব পাৰে ।

একাংশ পুষ্টিকৰ খাদ্য

ভাৰতৰ দৰে উন্নয়নশীল দেশৰ কাৰণে পুষ্টিহীনতা এক প্ৰধান সমস্যা ৷ পুষ্টিহীনতাই মানৱ স্বাস্থ্য আৰু প্ৰগতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় । ই ৰাষ্ট্ৰীয় উৎপাদন ক্ষমতা হ্ৰাস কৰে । ভাৰতত পুষ্টিহীনতাৰ ফলত গড়ে তিনিটা শিশুৰ ভিতৰত এটা শিশু মৃত্যুমুখত পৰে ।

আৰম্ভ হ’ল ৰাষ্ট্ৰীয় পোষণ সপ্তাহ

সচৰাচৰ কোৱা এষাৰ কথা হৈছে "আপুনি কি বা আপুনি কেনে ধৰণৰ হয়, সেয়া আপুনি কেনে ধৰণৰ আহাৰ গ্ৰহণ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে । দৈনন্দিন শাৰীৰিক কাৰ্য আৰু পুষ্টিকৰ খাদ্যৰ সংমিশ্ৰণে আপোনাক সু-স্বাস্থ্যৰ অধিকাৰী কৰি গঢ়ি তুলিব পাৰে ।

দেশৰ পৰিপুষ্টিৰ পৰিমাণ

লগতে পঢ়ক :scrub typhus কি আৰু কিদৰে কৰিব ইয়াৰ প্ৰতিকাৰ

ABOUT THE AUTHOR

...view details