নেশ্যনেল ডেস্ক, ১২ ছেপ্টেম্বৰ :ন্যায়িক ব্যৱস্থাৰ ওপৰত চাপ হ্ৰাস কৰাৰ উদ্দেশ্যে এক আদৰণীয় পদক্ষেপ । নিষ্পত্তি কৰা হৈছে বহু সময় ধৰি মীমাংসা নোহোৱাকৈ থকা প্ৰায় ১৫ লাখৰো অধিক গোচৰ । ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ (National Legal Services Authority) দ্বাৰা এই বছৰ আয়োজন কৰা তৃতীয় ৰাষ্ট্ৰীয় লোক আদালতত (National Lok Adalat) ৩৩ লাখতকৈও অধিক অমীমাংসিত আৰু প্ৰাক-মোকৰ্দমা গোচৰৰ প্ৰায় ৫০ শতাংশ গোচৰ নিষ্পত্তি কৰা হৈছে ।
ইফালে ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ তথ্য অনুসৰি ৩৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতত প্ৰায় ২,২৮১ কোটি টকাৰ ক্ষতিপূৰণ বা পুৰস্কাৰ প্ৰদান কৰা হৈছে । এই সফলতাত আনন্দিত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ তথা ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষ ইউ ইউ ললিত ।
তেওঁ কয় যে দেশৰ ন্যায় ব্যৱস্থাত বৃহৎ পৰিমাণৰ পেণ্ডেন্সি হ্ৰাস কৰিবলৈ ৰাষ্ট্ৰীয় লোক আদালতসমূহৰ অতি প্ৰয়োজন । ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ এক বিবৃতিত প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় লোক আদালতৰ নিৰীক্ষণত থকা ন্যায়াধীশ ইউ ইউ ললিতে ৫০ গৰাকীতকৈও অধিক জ্যেষ্ঠ ন্যায়াধীশৰ সৈতে এই সম্পৰ্কত বাৰ্তালাপ কৰিছে ।
বিবৃতি অনুসৰি ভাৰ্চুৱেল আৰু হাইব্ৰীড মোডৰ জৰিয়তে পৰিচালনা কৰা লোক আদালতবোৰে ৩৩,১২,৩৮৯ টা গোচৰ গ্ৰহণ কৰিছিল যিবোৰ আদালতত বিচাৰাধীন হৈ আছিল বা প্ৰাক মোকৰ্দমা পৰ্যায়ত আছিল । ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ সদস্য সচিবে প্ৰকাশ কৰা বিবৃতি অনুসৰি শনিবাৰে বিয়লি ৪ বজালৈ আদালতসমূহে ১৫,৩৩,১৮৬ টা গোচৰ নিষ্পত্তি কৰে আৰু মুঠ ২২,৮১,৩০,৬২,৯৫১ টকাৰ ক্ষতিপূৰণ বা পুৰস্কাৰ প্ৰদান কৰা হৈছে । লোক আদালতত সিদ্ধান্ত লোৱা বেছিভাগ মটৰ দুৰ্ঘটনা দাবী ন্যায়াধিকৰণ (MACT), বৈবাহিক বিবাদ,চেক বাউঞ্চ আৰু শ্ৰমিক সম্পৰ্কীয় গোচৰ আছিল ।