অসম

assam

By

Published : Nov 10, 2022, 8:34 PM IST

ETV Bharat / bharat

National Lok Adalat : ১২ নৱেম্বৰত ত্ৰিপুৰাত ৰাষ্ট্ৰীয় লোক আদালত

১২ নৱেম্বৰত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত (National Lok Adalat in Tripura) । জানিব পৰামতে, উক্ত ৰাষ্ট্ৰীয় লোক আদালতৰ কাম শনিবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'ব ।

Tripura
Tripura

আগৰতলা, ১০ নৱেম্বৰ :১২ নৱেম্বৰত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত (National Lok Adalat in Tripura) । জানিব পৰামতে, উক্ত ৰাষ্ট্ৰীয় লোক আদালতৰ কাম শনিবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'ব । ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ (Tripura High Court) উপৰি এই লোক আদালত ৰাজ্যখনৰ সকলো জিলা আৰু মহকুমা সদৰ আদালত চৌহদত 12 নৱেম্বৰত বহিব । আনহাতে, ৫৪ খন বিচাৰপীঠত নিষ্পত্তিৰ বাবে মুঠ ৬,৫৫৭ টা গোচৰ গ্ৰহণ কৰা হ'ব (National Lok Adalat in Tripura at 12th November) ।

উক্ত লোক আদালতত অন্তৰ্ভুক্ত হৈছে প্ৰাক-মোকৰ্দমা বিবাদ সম্পৰ্কীয় 5,229 টা গোচৰ আৰু আদালতত বিচাৰাধীন 1,328 টা গোচৰ । বেংক ঋণ পৰিশোধ, 202 টা মটৰ দুৰ্ঘটনা ক্ষতিপূৰণ গোচৰ (motor accident compensation cases), ভূমি অধিগ্ৰহণ (land acquisition cases) সম্পৰ্কীয় 4 টা গোচৰ, টেলিকম নিগমৰ অপৰিশোধিত বিল সম্পৰ্কীয় 1,000 গোচৰ, মধ্যস্থতাকাৰী অপৰাধী বিবাদ সম্পৰ্কীয় 859 টা গোচৰ, বৈবাহিক বিবাদ সম্পৰ্কীয় 98 টা গোচৰ, চেক বাউন্স (check bounce cases) সম্পৰ্কীয় 91 টা গোচৰ তাত অন্তৰ্ভুক্ত হৈছে ।

আনহাতে, ৫১ টা মোকৰ্দমা আৰু অন্যান্য অসামৰিক গোচৰো নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় লোক আদালতত লোৱা হ'ব । ইফালে ত্ৰিপুৰা উচ্চ ন্যায়ালয়তো এখন বিচাৰপীঠ বহিব । উক্ত বিচাৰপীঠত নিষ্পত্তিৰ বাবে ২৭ টা গোচৰ গ্ৰহণ কৰা হ'ব । লোক আদালতৰ সৰ্বাধিক ১২ খন বিচাৰপীঠ আগৰতলা আদালত চৌহদত বহিব (Lok Adalat will in Agartala court premises)।

উল্লেখ্য, উক্ত গোচৰবোৰৰ সন্দৰ্ভত দুয়ো পক্ষকে ইতিমধ্যে জাননী দিয়া হৈছে । আদালত চৌহদত নাগৰিকসকলৰ বাবে এখন হেল্প ডেস্কো থাকিব । নিৰ্দিষ্ট স্বেচ্ছাসেৱকসকলে আদালত চৌহদত জাননী প্ৰদান কৰা লোকসকলক সহায় কৰিব । ত্ৰিপুৰা ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সদস্য সচিব সঞ্জয় ভট্টাচাৰ্যই সংশ্লিষ্ট সকলোকে গোচৰ নিষ্পত্তিৰ সুবিধা সোনকালে আৰু আইনী ব্যয় অবিহনে গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে (Tripura State Legal Services Authority) ।

লগতে পঢ়ক :Rameshwar Teli : কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ছত্তীশগড় ভ্ৰমণ

ABOUT THE AUTHOR

...view details