অসম

assam

ETV Bharat / bharat

ভাৰতত অসম্পূৰ্ণ হৈ আছে ৮৮৮ টাৰো অধিক পথ প্ৰকল্পৰ কাম - National Highway Construction --II

এটা দশকৰো অধিক সময় ধৰি ভাৰতত নিৰ্মীয়মান অৱস্থাতে আছে বহু পথ প্ৰকল্পৰ কাম । কেন্দ্ৰীয় পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত ৬২,১৫,৭৯৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ আছে । ইয়াৰ ভিতৰত, ১,৩৬,০০০ কিলোমিটাৰ পথ হৈছে ৰাষ্ট্ৰীয় ঘাইপথ । তথ্যৰ দিশৰ পৰা এই সংখ্যাবোৰ যথেষ্ট আকৰ্ষণীয় হ'লেও, আকাৰৰ ক্ষেত্ৰত বিশ্বৰ সপ্তম সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰ সৈতে অনুৰূপ নহয় । ভাৰতৰ বৃহত্তৰ অঞ্চলবোৰৰ ভিতৰত বহু ঠাইতে এতিয়াও সম্পূৰ্ণৰূপে পথ সংযোগ হোৱা নাই । অৰ্থাৎ যাতায়াত ব্যৱস্থা সুচল নহয় । ইয়াৰ এটা কাৰণ হৈছে, বহুতো পথ প্ৰকল্পৰ কাম সময়মতে সম্পূৰ্ণ নকৰা । দেশৰ বহুতো প্ৰকল্পৰ কাম এতিয়াও অসম্পূৰ্ণ হৈ আছে । ফলত, প্ৰকল্পৰ ব্যয় বৃদ্ধি পাইছে । লগতে সাধাৰণ লোকে এই অসম্পূৰ্ণ প্ৰকল্পবোৰৰ বাবে হাৰাশাস্তি ভূগি আছে আৰু কেৱল পথৰ কাম আৰম্ভ হোৱা বুলিয়েই সন্তুষ্টি লভিবলগীয়া হৈছে ।

ভাৰতত অসম্পূৰ্ণ  হৈ আছে ৮৮৮ টাৰো অধিক পথ প্ৰকল্পৰ কাম
ভাৰতত অসম্পূৰ্ণ হৈ আছে ৮৮৮ টাৰো অধিক পথ প্ৰকল্পৰ কাম

By

Published : Mar 24, 2021, 8:09 AM IST

এটা দশকৰো অধিক সময় ধৰি ভাৰতত নিৰ্মীয়মান অৱস্থাতে আছে বহু পথ প্ৰকল্পৰ কাম । কেন্দ্ৰীয় পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত ৬২,১৫,৭৯৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ আছে । ইয়াৰ ভিতৰত, ১,৩৬,০০০ কিলোমিটাৰ পথ হৈছে ৰাষ্ট্ৰীয় ঘাইপথ । তথ্যৰ দিশৰ পৰা এই সংখ্যাবোৰ যথেষ্ট আকৰ্ষণীয় হ'লেও, আকাৰৰ ক্ষেত্ৰত বিশ্বৰ সপ্তম সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰ সৈতে অনুৰূপ নহয় । ভাৰতৰ বৃহত্তৰ অঞ্চলবোৰৰ ভিতৰত বহু ঠাইতে এতিয়াও সম্পূৰ্ণৰূপে পথ সংযোগ হোৱা নাই । অৰ্থাৎ যাতায়াত ব্যৱস্থা সুচল নহয় । ইয়াৰ এটা কাৰণ হৈছে, বহুতো পথ প্ৰকল্পৰ কাম সময়মতে সম্পূৰ্ণ নকৰা । দেশৰ বহুতো প্ৰকল্পৰ কাম এতিয়াও অসম্পূৰ্ণ হৈ আছে । ফলত, প্ৰকল্পৰ ব্যয় বৃদ্ধি পাইছে । লগতে সাধাৰণ লোকে এই অসম্পূৰ্ণ প্ৰকল্পবোৰৰ বাবে হাৰাশাস্তি ভূগি আছে আৰু কেৱল পথৰ কাম আৰম্ভ হোৱা বুলিয়েই সন্তুষ্টি লভিবলগীয়া হৈছে ।

ৰাজ্যসমূহত নিৰ্মাণকাৰ্য পলম হোৱা পথ প্ৰকল্পবোৰঃ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ সৈতে সংলগ্ন সংসদীয় সমিতিৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা তথ্য অনুসৰি, ২০২০-২১ বিত্তীয় বৰ্ষৰ শেষৰ ভাগলৈকে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অধীনত প্ৰায় ৮৮৮টা পথ প্ৰকল্পৰ কাম চলি আছে । এই প্ৰকল্পবোৰৰ বাবে ৩,১৫,৩৭৩.৩ কোটি টকা ধাৰ্য কৰা হৈছে আৰু ২৭,৬৬৫.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হ'ব । এই ৮৮৮টা পথ প্ৰকল্পৰ কাম দমন আৰু ডিউৰ বাহিৰে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পলমকৈ চলি আছে । এই প্ৰকল্পবোৰৰ কাম লেহেমীয়া হোৱাৰ বাবে, ৰাইজৰ সময় আৰু ধন অপব্যয় হৈছে । ইয়াৰ উপৰিও, দিন পাৰ হৈ যোৱাৰ লগে লগে প্ৰকল্পৰ ব্যয়ও বৃদ্ধি পাইছে ।

সংসদীয় সমিতিৰ প্ৰশ্ন আৰু পৰামৰ্শঃ

সংসদীয় সমিতিয়ে তেওঁলোকৰ প্ৰতিবেদনত পলমকৈ নিৰ্মাণকাৰ্য চলি থকা ৮৮৮টা পথ প্ৰকল্পৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে । সংসদীয় সমিতিৰ মতে, সংশ্লিষ্ট মন্ত্ৰালয়ে দেশত নতুন পথ প্ৰকল্পৰ বিষয়ে ঘোষণা কৰাৰ পৰিৱৰ্তে পলম হৈ থকা প্ৰকল্পবোৰৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব দিয়া উচিত ।

বৰ্তমান কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে । কিন্তু পলমকৈ চলি থকা প্ৰকল্পৰ সংখ্যা চৰকাৰৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান । সমিতিখনে পৰামৰ্শ দিছে যে, ভৱিষ্যতে পলমকৈ চলি থকা এই প্ৰকল্পবোৰৰ ব্যয় বৃদ্ধি পৰীক্ষা কৰিবলৈ চৰকাৰে প্ৰকল্পবোৰৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাত গুৰুত্ব দিব লাগে ।

সংসদীয় সমিতিয়েও ইয়াৰ বাবে চৰকাৰক অধিক পুঁজি সংগ্ৰহ কৰিবলৈ পৰামৰ্শ দিছে । সংসদীয় সমিতিয়ে উদ্বেগ প্ৰকাশ কৰিছে যে, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ব্যয় বৃদ্ধি পাইলেও, ২০২০-২১ বিত্তীয় বৰ্ষৰ তুলনাত ব্যক্তিগত খণ্ডৰ বিনিয়োগ হ্ৰাস পাইছে । লগতে সমিতিখনে পৰামৰ্শ দিছে যে, পথ আৰু পৰিবহণ ঘাইপথ মন্ত্ৰালয়ে দেশত পথৰ আন্তঃগাঁথনি প্ৰকল্পত অংশগ্ৰহণৰ বাবে ব্যক্তিগত খণ্ডক উৎসাহিত কৰিবলৈ যথোচিত পদক্ষেপ গ্ৰহণ কৰা উচিত ।

বছৰ বছৰ ধৰি অসম্পূৰ্ণ হৈ থকা প্ৰকল্পবোৰঃ

দেশত কিছুমান প্ৰকল্প আছে, যিবোৰ বিগত এটা দশক অথবা তাতোকৈও অধিক সময় ধৰি অসম্পূৰ্ণ হৈ আছে । পাঁচ বছৰ বা তাতোকৈ অধিক পলমকৈ চলি থকা প্ৰকল্পসমূহৰ তালিকা যথেষ্ট দীঘল । প্ৰায়বোৰ ৰাজ্যত এনে বহু প্ৰকল্প আছে, যিবোৰ প্ৰকল্পৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই । এই প্ৰকল্পবোৰৰ নিৰ্মাণকাৰ্য বহু আগতেই আৰম্ভ কৰা হৈছিল যদিও নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছতো বছৰ বছৰ ধৰি অসম্পূৰ্ণ হৈ আছে । আচৰ্য্যজনকভাৱে এই প্ৰকল্পবোৰৰ কাম সোনকালে শেষ হোৱাৰো কোনো আশা নাই ।

সংসদীয় সমিতিৰ প্ৰতিবেদন অনুসৰি, সমগ্ৰ দেশত প্ৰায় ৭০টা প্ৰকল্পৰ কাম পাঁচ বছৰ অথবা ততোকৈ অধিক সময় ধৰি স্থগিত হৈ আছে ।

অসমৰ নলবাৰীৰ পৰা বিজনীলৈকে পথ প্ৰকল্পৰ কাম ১২ বছৰতকৈও অধিক সময় ধৰি পলমকৈ চলি আছে । ইয়াৰ অৰ্থ হৈছে যে, এই প্ৰকল্পৰ কাম ১২ বছৰ পূৰ্বে সম্পূৰ্ণ হ'ব লাগিছিল । কিন্তু এতিয়াও নিৰ্মাণকাৰ্য অসম্পূৰ্ণ হৈ আছে । এই ২৭.৩ কিলোমিটাৰ দৈৰ্ঘৰ পথ নিৰ্মাণৰ বাবে ২০৮ কোটি টকা ধাৰ্য কৰা হৈছিল যদিও নিৰ্মাণকাৰ্যৰ লেহেমীয়া গতিৰ বাবে ব্যয়ৰ পৰিমাণ বৃদ্ধি হৈ ২৩০ কোটি টকা হৈছেগৈ ।

নাগপুৰৰ পৰা মহাৰাষ্ট্ৰৰ ক'ন্ধালীলৈ ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ কামো ১২ বছৰ পূৰ্বেই সম্পূৰ্ণ কৰিবলগীয়া আছিল । কিন্তু এতিয়ালৈকে এই পথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই । তামিলনাডুৰ ট্ৰিচিৰ পৰা কাৰুৰলৈ ৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ কামো বিগত ১০ বছৰে নিৰ্মীয়মান অৱস্থাতে আছে । ৫৭১ কোটি টকা ব্যয় সাপেক্ষে এই পথটো নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে ।

দিল্লী সীমান্তৰ পৰা হাৰিয়ানাৰ ৰোহটক সংযোগী পথটোৰ নিৰ্মাণকাৰ্যও ১০ বছৰ পূৰ্বে সম্পূৰ্ণ হ'ব লাগিছিল । পৰিসংখ্যা অনুসৰি, ছত্তিশগড় ৰাজ্যত সৰ্বাধিক ১৭টা পথ প্ৰকল্পৰ কাম পলমকৈ চলি আছে । বিগত ৫ পাঁচ বছৰে সম্পূৰ্ণ হোৱা নাই এই ১৭টা পথ প্ৰকল্পৰ কাম ।

For All Latest Updates

ABOUT THE AUTHOR

...view details