নেশ্যনেল ডেস্ক, 2 আগষ্ট:দেশজুৰি নেশ্যনেল হেৰাল্ডৰ বিতৰ্কই কঁপাইছে একাংশ বৰমুৰীয়াক (National Herald Case) ৷ ইতিমধ্যে প্ৰৱৰ্তন সঞ্চালকালয়ে মঙলবাৰে দিল্লী আৰু অন্যান্য ঠাইত নেচনেল হেৰাল্ড মানি লণ্ডাৰিং গোচৰত অনুসন্ধান অভিযান আৰম্ভ কৰিছিল (ED raids Herald newspaper office in Delhi) ৷ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীক ইডিয়ে জেৰা কৰাৰ কেইদিনমান পিছত কংগ্ৰেছৰ মালিকানাধীন নেচনেল হেৰাল্ড বাতৰি কাকতৰ কাৰ্যালয়তো তালাচী চলায় ইডিয়ে ৷
নেশ্যনেল হেৰাল্ডৰ বিতৰ্কৰ গোচৰ ৰজু ড॰ মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে ২০১২ চনত বিজেপিৰ নেতা তথা বিশিষ্ট অধিবক্তা সুব্ৰমণিয়াম স্বামীয়ে ইয়ং ইণ্ডিয়ান লিমিটেডে এছ’চিয়েটেড জাৰ্নেলছ লিমিটেডক অধিগ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰৱঞ্চনা আৰু বিশ্বাস ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি আদালতত অভিযোগ দাখিল কৰে ৷ তেওঁ ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মতিলাল ভোৰা, অস্কাৰ ফাৰ্নাণ্ডেজ, সাংবাদিক সুমন ডুবে আৰু ছেম পিট্ৰ’ডাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷