নিউজ ডেস্ক , ২৪ জানুৱাৰী : দেওবাৰে দেশজুৰি পালন কৰা হৈছে 'ৰাষ্ট্ৰীয় কন্য়া শিশু দিৱস' । কন্য়া সন্তাৰ প্ৰতি ৰাইজক সজাগ কৰিবলৈ লগতে কন্য়া সন্তানৰ মূল্য় আৰু সন্মানৰ উদ্দেশ্য়ে ২০০৮ চনৰ পৰা প্ৰতিবছৰে ২৪ জানুৱাৰীৰ দিনটো 'কন্য়া শিশু দিৱস' হিচাপে পালন কৰাৰ ঘোষণা কৰিছিল চৰকাৰে । এইবছৰো 'ৰাষ্ট্ৰীয় কন্য়া শিশু দিৱস'ৰ লগত সংগতি ৰাখি দেশৰ ভিন্ন প্ৰান্তত ভাৰত চৰকাৰে 'বেটি বচাও, বেটি পঢ়াও' আঁচনিৰ অধীনত সজাগতা অভিযানৰ আয়োজন কৰিছে ।
এই বিশেষ দিনটোত কন্য়া শিশুৰ সবলীকৰণ আৰু কন্য়া শিশুক সুবিধা প্ৰদানেৰে বিশেষ মৰ্যাদা দিয়া ব্য়ক্তিসকলক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । দেশৰ কন্য়া শিশুক "দেশ কি বেটি" বুলি সম্বোধন কৰি বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ লাভ কৰা সাফল্য়ক শুভেচ্ছা আৰু অভিবাদন জনাই প্ৰধানমন্ত্ৰী গৰাকীয়ে ।