নিউজ ডেস্ক, 11 নৱেম্বৰ :শিক্ষা দিৱসত আমি প্ৰতিজন লোকেই শিক্ষাইনো আমাক কি প্ৰদান কৰে আন্তৰিকতাৰে উপলব্ধি কৰা প্ৰয়োজন ৷ শিক্ষা হ'ল বিকাশ আৰু শান্তিৰ চাবি-কাঠি ৷ গুণগত শিক্ষাই এজন ব্যক্তিৰ দক্ষতা, প্ৰযুক্তিৰ জ্ঞানেই নহয়, ই দৈহিক, মানসিক বিকাশত উপাদান যোগায় ৷ সেয়ে শিক্ষাক মানৱ জাতিৰ অধিকাৰ হিচাপে বিবেচনা কৰা হয় ৷
আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস ৷ ভাৰতৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিন উপলক্ষে প্ৰতিবছৰে এই দিনটো পালন কৰা হয় ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে ৷ ১৮৮৮ চনৰ আজিৰ দিনটোতে মক্কাত জন্ম লাভ কৰিছিল আজাদে ৷ এজন ভাৰতীয় মুছলমান পণ্ডিত, ৰাজনীতিজ্ঞ আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ মুখ্য নেতা হিচাপে জনাজাত হৈছিল আজাদ ৷