নতুন দিল্লী, 5 নৱেম্বৰ: হীৰক জয়ন্তী বৰ্ষত ভৰি দিলে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ে ৷ হীৰক জয়ন্তী উপলক্ষে মহাবিদ্যালয়খনে 5 আৰু 6 তাৰিখে দুদিনীয়াকৈ এখন ৱেবিনাৰৰ আয়োজন কৰিছে ৷ ‘India’s National Security- a Decade Ahead’(ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা-এক দশক আগলৈ) শীৰ্ষক থিমেৰে এই ৱেবিনাৰ খনৰ আয়োজন কৰা হৈছে ৷ প্ৰতিৰক্ষা সম্পাদক ড৹ অজয় কুমাৰ আৰু প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ কামাণ্ডেণ্ট গৰাকীয়ে সংবাদ মেলৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ৷
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন - national defence college
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ ৷ হিৰক জয়ন্তী উপলক্ষে দুদিনীয়া ৱেবিনাৰৰ আয়োজন ৷ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ৰণনীতি বিষয়ত এখন সন্মানীয় আসন স্থাপনৰ বাবে অনুমোদন ভাৰতৰ ৰাষ্ট্ৰপতিৰ ৷
হীৰক জয়ন্তী বৰ্ষ উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ৰণনীতি বিষয়ত এখন সন্মানীয় আসন স্থাপনৰ বাবে অনুমোদন জনাইছে ৷ এই আসন 2021 ৰ পৰা কাৰ্যক্ষম হ'ব ৷ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ ওপৰত লিখা NDC – Abode of Strategic Excellence শীৰ্ষক এখন ই-বুক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উন্মোচন কৰিব ৷ মহাবিদ্যালয়ৰ কামাণ্ডেণ্ট এয়াৰ মাৰ্শ্বাল ডি চৌধুৰীয়ে কয় যে ক'ভিড-19 অতিমাৰীৰ মাজতো মহাবিদ্যালয়খনে অনলাইন যোগে পাঠ্যক্ৰম অব্যাহত ৰাখিছে আৰু কোনো ধৰণৰ বিলম্ব নোহোৱাকৈয়ে সম্পূৰ্ণ পাঠ্যক্ৰম সম্পূৰ্ণ হৈছে ৷