তেজপুৰ, 30 মে’:মণিপুৰত এতিয়াও শান্ত হোৱা নাই পৰিস্থিতি (Manipur violnece news update) ৷ শেহতীয়াকৈ মণিপুৰৰ পৰিস্থিতিৰ বুজ ল’বলৈ 29 মে’, সোমবাৰে নিশা মণিপুৰৰ উপস্থিত হৈছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah visits to Manipur) ৷ মন্ত্ৰীগৰাকীয়ে নিশাৰ পৰাই বিভিন্ন দল সংগঠনৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যখনত পূৰ্বৰ পৰিস্থিতি ঘূৰাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে (SoO with Kuki militants)৷
ইয়াৰ মাজতে মঙলবাৰে মণিপুৰৰ 11 গৰকী ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত খেলুৱৈয়ে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীক এখন স্মাৰকপত্ৰ দাখিল কৰি কয় যে, যদি কুকি উগ্ৰপন্থীৰ সৈতে চুক্তি soO (এছঅ'ও) প্ৰত্যাহাৰ কৰাত বিফল হয় তেন্তে তেওঁলোকে লাভ কৰা পদকসমূহ সমৰ্পণ কৰিব (National awardee sportspersons Press meet)।
ইয়াৰ পূৰ্বে, ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত খেলুৱৈসকলে ৰাজ্যখনৰ বৰ্তমানৰ সংঘৰ্ষৰ বুজ ল'বলৈ মণিপুৰত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰীক স্মাৰকপত্ৰ দাখিল কৰিবলৈ গৈছিল ৷ অৱশ্যে তেতিয়ালৈকে তেওঁলোক চুৰাচান্দপুৰলৈ ৰাওনা হোৱাৰ সময়ত গৃহমন্ত্ৰীক লগ কৰিব পৰা নাছিল ।
স্মাৰকপত্ৰখনত স্বাক্ষৰিত ৰাষ্ট্ৰীয় খেলুৱৈসকল হৈছে ধ্যানচাঁদ বঁটা প্ৰাপ্ত এল অনিতা চানু (ভাৰোত্তোলক), অৰ্জুন বঁটা প্ৰাপ্ত নামিৰাকপাম কুঞ্জৰাণী দেৱী (ভাৰোত্তোলক), অৰ্জুন বঁটা প্ৰাপ্ত লাইশ্ৰাম সৰিতাদেৱী (বক্সাৰ), পদ্মশ্ৰী আৰু অৰ্জুন বঁটা প্ৰাপ্ত অইনাম বেম্বেম দেৱী (ফুটবল), অৰ্জুন বঁটা প্ৰাপক অলিম্পিয়ান নংগাংবাম চনিয়া চানু, অৰ্জুন বঁটা প্ৰাপ্ত মায়াংগ্লাম্বাম বিমোলজিৎ (উশ্বু), অৰ্জুন বঁটা প্ৰাপক ৱাংখেম সন্ধ্যাৰাণী দেৱী (উশ্বু), অৰ্জুন বঁটা প্ৰাপ্ত য়ুম্নাম সনাথোই (উশ্বু), অৰ্জুন বঁটা প্ৰাপক লিকমাবাম শুশিলা দেৱী (জুডো), ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা প্ৰাপক আৰু পদ্মশ্ৰী বঁটা প্ৰাপক চাইখোম মীৰাবাই চানু (ভাৰোত্তোলক) আৰু অৰ্জুন বঁটা প্ৰাপ্ত এম সুৰঞ্জয় (বক্সিং)।