নেশ্যনেল ডেস্ক,১২ জানুৱাৰী :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ পিছৰে পৰা ভাৰত আৰু মালদ্বীপৰ কূটনৈতিক সম্পৰ্কৰ অৱনতি হৈছে । একে সময়তে সামাজিক মাধ্যমত মালদ্বীপ বৰ্জনৰ অভিযানো অব্যাহত আছে । ইয়াৰ মাজতে ভাৰতীয় ট্ৰেভেল এজেন্সি ইজমাইট্ৰিপে আন এক মালদ্বীপ বিৰোধী অভিযান আৰম্ভ কৰিছে ।
কোম্পানীটোৱে এক বিজ্ঞপ্তিত লিখিছে 'নেশ্যন ফাৰ্ষ্ট, বিজনেছ লেটাৰ' অৰ্থাৎ প্ৰথমে দেশ পিছত ব্যৱসায় । ইতিমধ্যে কোম্পানীটোৱে প্ৰতিবাদস্বৰূপে যোৱা ৮ জানুৱাৰীৰ পৰা মালদ্বীপলৈ সকলো বিমানৰ বুকিং স্থগিত ৰাখিছে । কোম্পানীটোৱে দেশৰ বিভিন্ন সমুদ্ৰতীৰৰ প্ৰচাৰো কৰা দেখা গৈছে । কোম্পানীটোৱে উল্লেখ কৰা মতে ভাৰতৰ ৭,৫০০ কিলোমিটাৰ দৈৰ্ঘৰ এক বিশাল উপকূলীয় অঞ্চল আছে । লাক্ষাদ্বীপ, আন্দামান, গোৱা, কেৰালা আদিৰ দৰে সমুদ্ৰতীৰ দেশৰ বাবে গৌৰৱ বুলিও কোম্পানীটোৱে উল্লেখ কৰিছে । ইয়াৰ মাজতে কোম্পানীটোৰ মালদ্বীপ বৰ্জনৰ এই নতুন অভিযানে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
কোম্পানীটোৱে উল্লেখ কৰা মতে ভাৰত, ইয়াৰ নাগৰিক আৰু প্ৰধানমন্ত্ৰী সম্পৰ্কে মালদ্বীপৰ একাধিক মন্ত্ৰীয়ে শেহতীয়াকৈ কৰা অনুপযুক্ত আৰু অপ্ৰৰোচিত মন্তব্যৰ প্ৰতিক্ৰিয়াস্বৰূপে কোম্পানীটোৱে এই স্থিতি গ্ৰহণ কৰিছে ৷ ইফালে ৮ জানুৱাৰীৰ পৰা ইজমাইট্ৰিপে মালদ্বীপলৈ সকলো বিমানৰ বুকিং অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰাখিছে ৷ কোম্পানীটোৰ মতে তেওঁলোকৰ লাভত কৈ দেশে আগতে স্থান পায় । সামাজিক মাধ্যমত ৰাইজৰ সমৰ্থন হৈছে ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকৰ অংশীদাৰী প্ৰেমৰ প্ৰতিফলন । এই যাত্ৰাত ঐক্যবদ্ধ হ'বলৈও কোম্পানীটোৱে ৰাইজক আহ্বান জনাইছে ।
উল্লেখ্য যে শেহতীয়াকৈ মালদ্বীপৰ ৰাজনীতিবিদে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা মন্তব্যৰ পাছতে সামাজিক মাধ্যমত বহু লোকে মালদ্বীপ বৰ্জনৰ দাবী তুলিছে । যিটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মালদ্বীপৰ পৰ্যটন ক্ষেত্ৰতো প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে । কিয়নো মালদ্বীপৰ পৰ্যটন মন্ত্ৰালয়ে পূৰ্বে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা বছৰ মালদ্বীপলৈ সৰ্বাধিক ভ্ৰমণ ভাৰতৰ পৰা হৈছিল । ২০২৩ চনত মালদ্বীপলৈ ২,০৯,১৯৮ গৰাকী ভাৰতীয়ৰ আগমন হৈছিল । ইয়াৰ পিচত ৰাছিয়াৰ পৰা ২,০৯,১৪৬ গৰাকী লোকে মালদ্বীপ ভ্ৰমণ কৰিছে । ২০২২ চনতো সৰ্বাধিক সংখ্যক ভাৰতীয়ই মালদ্বীপ ভ্ৰমণ কৰিছিল ।
লগতে পঢ়ক :লাক্ষাদ্বীপ আৰু ইয়াক পৰ্যটনস্থলীলৈ পৰিৱৰ্তন কৰাৰ বিপদ: এক পৰ্যালোচনা