নেশ্যনেল ডেস্ক, ৮ জুলাই: মোডী ২.০ কেবিনেটত এইবাৰ ৩৬ গৰাকী উচ্চ শিক্ষিত নেতাক গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দিয়া হৈছে । এই মন্ত্ৰীকেইজনৰ ভিতৰত আছে দুগৰাকী প্ৰাক্তন আই এ এছ বিষয়া, ৮ জন উকীল, ৪ জন চিকিৎসক, ৪ জন এম বি এ(MBA) ডিগ্ৰীধাৰী আৰু কেইবাগৰাকীও অভিযন্তা । আঞ্চলিক আৰু সম্প্ৰদায়িক সমস্যাসমূহৰ সৈতে সঠিকভাৱে মোকাবিলা কৰাৰ উপৰিও কাৰ্যকাল অব্যাহত থকাৰ মাজতে চৰকাৰক পুনৰ নতুন ৰূপ দি অধিক কাৰ্যক্ষম কৰাৰ বাবে উচ্চ শিক্ষিত সদস্যসকলক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাটো হৈছে । এইবাৰ ৰে'ল বিভাগৰ লগতে যোগাযোগ আৰু তথ্য মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা অশ্বিনী বৈষ্ণৱ হৈছে এগৰাকী প্ৰাক্তন আই এ এছ বিষয়া ।
৫০ বছৰীয়া অশ্বিনী বৈষ্ণৱে ৱাৰ্টন স্কুল, পেনিছিলভেনিয়া বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী আৰু আই আই টি কাণপুৰৰ পৰা এম টেক ডিগ্ৰী লাভ কৰিছে । এজন আই এ এছ বিষয়া হিচাপে তেওঁৰ ১৫ বছৰীয়া কাৰ্যকালত বৈষ্ণৱে বহু গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল । ২০০৪ চনৰ নিৰ্বাচনত নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স(NDA)ৰ হৈ প্ৰতিদ্বন্দিতা কৰি পৰাজিত হোৱাৰ পিছত বৈষ্ণৱক অটল বিহাৰী বাজপেয়ীৰ ব্যক্তিগত সচিব হিচাপে নিযুক্তি দিয়া হয় । মোডীৰ নতুন মন্ত্ৰীসভাত স্থান লাভ কৰা আন এজন আই এ এছ বিষয়া হৈছে ৰামচন্দ্ৰ প্ৰসাদ সিং ।
তেওঁৰ ঘৰ বিহাৰৰ নালন্দা জিলাত । আমোলাৰ পৰা ৰাজনীতিবিদ হিচাপে আত্মপ্ৰকাশ কৰা সিঙে বিহাৰৰ সাংসদ হিচাপে নিৰ্বাচিত হয় আৰু বৰ্তমান তেওঁৰ দ্বিতীয় কাৰ্যকাল চলি আছে । তেওঁ ১৯৯০ চনৰ শেষৰ ফালে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠে ।