নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল: এফালে বৰ্ধিত কৰ'ণা সংক্ৰমণ, আনফালে নিৰ্বাচনী প্ৰচাৰ । মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্ৰালয়ে সাৱধনতা অৱলম্বন কৰিবলৈ বাৰে বাৰে আহ্বান জনাই আহিছে । দেশৰ ভিন্ন ৰাজ্যৰ লগতে পশ্চিমবংগতো কৰ'ণা সংক্ৰমণ প্ৰতিনিয়ত বৃদ্ধি হৈছে । সমান্তৰালকৈ বিধানসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজ্যখনত প্ৰস্তুতি অব্যাহত আছে ।
শনিবাৰে পশ্চিমবংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । প্ৰধানমন্ত্ৰী মোডীয়ে আচানচ'ল আৰু গংগাৰামপুৰত আয়োজিত জনসভাত অংশ ল'ব । আনহাতে, অমিত শ্বাহে আমদাংগাত ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব । লগতে চাপ্ৰা আৰু ঔচগ্ৰামত জনসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব ।
ইফালে, কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত শনিবাৰে পশ্চিমবংগৰ ৪৫ টা সমষ্টিত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে । ৩৪২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ এক কোটিৰো অধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । শেহতীয়াকৈ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চম পৰ্যায়ৰ বাবে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে ।
চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত কোচবিহাৰ জিলাত পাঁচজন লোকৰ মৃত্যু হৈছিল । আনহাতে, মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ পিছতো ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হৈছে । শুকুৰবাৰে, পশ্চিমবংগত ৬,৯১০ জন লোক নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে । যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ২৬ জন ৰোগীৰ মৃত্যু হৈছে আৰু ইয়াৰে সৈতে মৃত্যু হোৱা লোকৰ সংখ্যা ১০,৫০৬ জনলৈ বৃদ্ধি পাইছে ।
লগতে পঢ়ক:কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ