নেশ্যনেল ডেস্ক, ২৯ জুন :কলকাতা উচ্চ ন্যায়ালয়ে (Kolkata high Court) মঙলবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata Benarjee) আৰু ৰাজ্যৰ আইন মন্ত্ৰী মলয় ঘটকে (Malay Ghatak) নাৰদা কেলেংকাৰী (Narada Scam) গোচৰত তেওঁলোকৰ শপতনামা গ্ৰহণ কৰিবলৈ দাখিল কৰা আবেদনৰ ওপৰত আদেশ সংৰক্ষিত ৰাখিছে । নাৰদা গোচৰৰ (Narada case) শুনানি গ্ৰহণ কৰি আছিল কলকাতা উচ্চ ন্যায়ালয় (Kolkata high Court) ৰ পাঁচজনীয়া এক বিচাৰপীঠে । মমতা বেনাৰ্জীয়ে সোমবাৰে শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি নাৰদা গোচৰত (Narada case) কলকাতা উচ্চ ন্যায়ালয়ত এখন নতুন শপতনামা দাখিল কৰিছিল । ইয়াৰ পূৰ্বে, চিবিআইয়ে (CBI) নাৰদা কেলেংকাৰী গোচৰত তৃণমূল কংগ্ৰেছৰ (TMC) নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ দিনা তেওঁলোকৰ ভূমিকা সম্পৰ্কে শপতনামা লিপিবদ্ধ কৰিবলৈ তেওঁলোকৰ আবেদনৰ সৈতে কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল মমতা বেনাৰ্জী, মলয় ঘটক আৰু ৰাজ্য চৰকাৰক ।
৯ জুনত কলকাতা উচ্চ ন্যায়ালয়ে বেনাৰ্জীৰ উত্তৰ-শপতনামা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল । ইফালে ৯ জুনত আদালতে চিবিআই (CBI)ৰ বিশেষ আদালতৰ পৰা উচ্চ ন্যায়ালয়লৈ নাৰদা ষ্টিং টেপ গোচৰ স্থানান্তৰৰ বাবে চিবিআইৰ আবেদনৰ শুনানি গ্ৰহণ কৰি কৈছিল যে, গোচৰটোৰ সন্দৰ্ভত চাৰিজন নেতাক গ্ৰেপ্তাৰ কৰাৰ দিনা বেনাৰ্জী, ঘটক আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা তেওঁলোকৰ নিজ নিজ ভূমিকাৰ ওপৰত শপতনামা বিবেচনা কৰাৰ পিছত সিদ্ধান্ত ল'ব । চিবিআই (CBI)য়ে দাবী কৰিছিল যে, চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে কলকাতাৰ চিবিআই কাৰ্যালয়ত ধৰ্ণাত বহিছিল ৷ তাৰোপৰি মন্ত্ৰী মলয় ঘটক ১৭ মে'ত তাত থকা বিশেষ চিবিআই আদালতৰ সন্মুখত গোচৰটোৰ ভাৰ্চুৱেল শুনানিৰ সময়ত উপস্থিত আছিল ।