অসম

assam

ETV Bharat / bharat

নাৰদা গোচৰত মমতাৰ শপতনামা গ্ৰহণ কলিকতা উচ্চ ন্যায়ালয়ৰ - মুখ্যমন্ত্ৰী

নাৰদা কেলেংকাৰী গোচৰৰ সন্দৰ্ভত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু আইনমন্ত্ৰী মলয় ঘটকৰ শপতনামা দাখিল কৰাত অনুমতি প্ৰদাণ কৰিলে কলিকতা উচ্চ ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে ৷

Calcutta HC accepts Mamatas affidavit in Narada case but after imposing penalty
নাৰদা গোচৰত মমতাৰ শপতনামা গ্ৰহণ কলিকতা উচ্চ ন্যায়ালয়ৰ

By

Published : Jun 30, 2021, 6:59 PM IST

নেশ্যনেল ডেস্ক, 30 জুন : নাৰদাৰ গোচৰৰ পৰা আজিও মুক্ত হ'ব পৰা নাই বংগৰ মমতা বেনাৰ্জীৰ চৰকাৰ ৷ উক্ত গোচৰত কলিকতা উচ্চ ন্যায়ালয়ে মমতা চৰকাৰৰ বিৰুদ্ধে 5 হাজাৰ টকা জৰিমনা বিহাৰ পাচতে বুধবাৰে ন্যায়ালয়ত শপতনামা দাখিল কৰে মমতা বেনাৰ্জীয়ে ৷ ইতিমধ্যে এই শপতনামা গ্ৰহণ কৰিছে কলিকতা উচ্চ ন্যায়ালয়ে ৷

ইয়াৰ লগতে বংগৰ আইনমন্ত্ৰী মালয় ঘটকৰ লগতে বংগ চৰকাৰৰ সামগ্ৰীক শপতনামা গ্ৰহণ কৰিছে কলিকতা উচ্চ ন্যায়ালয়ে ৷ আইনমন্ত্ৰী মলয় ঘটকৰ বিৰুদ্ধেও 5 হাজাৰ টকা জৰিমনা বিহিছিল ন্যায়ালয়ে ৷ উল্লেখ্য যে, বংগৰ মুখ্যমন্ত্ৰী আৰু আইনমন্ত্ৰীয়ে নাৰদা গোচৰৰ সন্দৰ্ভত শপতনামা দাখিল নকৰাক লৈ আদালত তুষাৰ মেহতাই যুক্তি দৰ্শাইছিল ৷

মঙলবাৰে নাৰদা গোচৰ শুনানি গ্ৰহণ কৰিছিল কলিকতা উচ্চ ন্যায়ালয়ে ৷ উক্ত শুনানি প্ৰক্ৰিয়াত বংগৰ নাৰদা গোচৰক লৈ যুক্তি দৰ্শাইছিল CBI ৰ আইনী পৰামৰ্শদাতা আৰু চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৷

আদালতত তুষাৰ মেহতাই যুক্তি প্ৰদৰ্শন কৰি কয়, 17 মে'ত বংগৰ নিজামত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যৰ আইনমন্ত্ৰীৰ ভূমিকা আছিল সন্দেহজনক ৷ বংগৰ মুখ্যমন্ত্ৰী আৰু আইনমন্ত্ৰীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰি মেহতাই যুক্তি দিয়ে যে, ইচ্ছা মতে মমতা আৰু মলয় ঘটকে সময়মতে আদালতত শপতনামা দাখিল কৰা নাছিল ৷ শপতনামা দাখিল কৰাত বিলম্ব কৰাতো তেওঁলোকৰ পূৰ্বৰ পৰিকল্পনা বুলি সদৰি কৰে CBI ৰ পৰামৰ্শদাতা তুষাৰ মেহতাই ৷

কলিকতা উচ্চ ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে 9 জুনৰ পৰা নৰদা গোচৰৰ শুনানি গ্ৰহণ কৰি আছে ৷ এই শুনানি প্ৰক্ৰিয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ পৰামৰ্শদাতাই শপতনামা দাখিল কৰিবলৈ মমতা চৰকাৰক অনুৰোধ কৰিছিল ৷ কিন্তু নাৰদা গোচৰ শুনানিৰ মাজতে শপতনামা দাখিল কৰাত অনুমতি প্ৰদাণ কৰা নাছিল বিচাৰপীঠে ৷

শপতনামা গ্ৰহণ কৰাক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৷ ইয়াৰ পাচতে মমতাৰ শপতনামা গ্ৰহণ কৰাৰ বাবে কলিকতা উচ্চ ন্যায়ালয় বাধ্য হয় ৷

লগতে পঢ়ক: নাৰদা গোচৰ: কি হ’ব মমতা আৰু ঘটকৰ শপতনামা গ্ৰহণৰ বাবে কৰা আবেদনৰ শুনানি ?

ABOUT THE AUTHOR

...view details