নেশ্যনেল ডেস্ক, 19 জুলাই:উত্তৰাখণ্ডত বুধবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ অলকানন্দা নদীৰ পাৰত নমামি গঙ্গে প্ৰকল্পৰ দ্বাৰা নিৰ্মাণ কৰি থকা এটা নৰ্দমা শোধন প্ৰকল্পত ট্ৰেন্সফৰ্মাৰৰ পৰা বিদ্যুৎ প্ৰবাহ আৰম্ভ হয় ৷ ইয়াৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ 16জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় 11 জন লোকৰ ৷
আহতসকলৰ ভিতৰত গুৰুতৰ অৱস্থাত থকা 6 জন লোকক বিমানেৰে ঋষিকেশ এইমছলৈ প্ৰেৰণ কৰা হৈছে ৷ জানিব পৰা মতে বুধবাৰে পুৱা 11.35 বজাত সংঘটিত হয় এই ঘটনা ৷ নিহতসকলৰ ভিতৰত চাৰিগৰাকী আৰক্ষী থকাৰ লগতে আছে এগৰাকী গৃহৰক্ষী জোৱান ৷
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে ক্ষতিপূৰণৰ ঘোষণা কৰিছে ৷ নিহত লোকসকলৰ পৰিয়ালক 5 টকাৰ এককালীন সাহায্য দিয়াৰ লগতে আহতসকলক দিয়া হ’ব 1 লাখ টকাৰ এককালীন সাহায্য ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাস্থলীলৈ হেলিকপ্টাৰযোগে ৰাওনা হয় যদিও প্ৰতিকূল বতৰৰ বাবে ওভতি আহিব লগা হয় ৷