অসম

assam

ETV Bharat / bharat

Rajiv Gandhi assassination convict : কাৰাগাৰৰ পৰা ওলাল ৰাজীৱ গান্ধী হত্যাৰ দোষী নলিনী শ্ৰীহৰণ - Rajiv Gandhi assassination convict Nalini Sriharan

ৰাজীৱ গান্ধী হত্যা গোচৰত দোষী সাব্যস্ত হৈ যাৱজ্জীৱন কাৰাদণ্ড লাভ কৰা মুঠ ছয়জন দোষীৰ ভিতৰত এগৰাকী নলিনী শ্ৰীহৰণে আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত শনিবাৰে ভেলোৰ কেন্দ্ৰীয় মহিলা কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহে (Rajiv Gandhi assassination convict Nalini Sriharan) । এই বছৰৰ আৰম্ভণিতে যাৱজ্জীৱন কাৰাদণ্ড ভোগ কৰা সপ্তমগৰাকী দোষী এ জি পেৰাৰিভালনক মুক্তি দিয়া হৈছিল ।

Nalini
Nalini

By

Published : Nov 12, 2022, 7:18 PM IST

নিউজ ডেস্ক, ১২ নৱেম্বৰ :প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ (Rajiv Gandhi assassination case) ছয়জন দোষীৰ ভিতৰত নলিনী শ্ৰীহৰণক শনিবাৰে ভেলোৰ কাৰাগাৰৰ পৰা মুকলি কৰা হয় (Nalini Sriharan released from Vellore Jail) । উল্লেখ্য, ছুপ্ৰিম কোৰ্টে কাগাৰৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ দোষত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পোৱা নলিনীৰ স্বামী ভি শ্ৰীহৰণ ওৰফে মুৰুগান, সান্থান, ৰবাৰ্ট পায়াছ আৰু জয়কুমাৰ শ্ৰীলংকাৰ নাগৰিক । আনহাতে, নলিনী আৰু আৰ পি ৰবিচন্দ্ৰন তামিলনাডুৰ (Rajiv Gandhi assassination convict Nalini Sriharan) ।

উল্লেখ্য, উচ্চতম ন্যায়ালয়ে (Supreme Court of India) শুকুৰবাৰে ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত প্ৰায় তিনি দশক ধৰি আজীৱন কাৰাদণ্ড ভোগ কৰি থকা নলিনী শ্ৰীহৰণ আৰু বাকী থকা পাঁচজন দোষীক মুক্ত কৰে আৰু উল্লেখ কৰে যে ইয়াৰ পূৰ্বৰ আন এজন দোষী এ জি পেৰাৰিভালনক মুকলি কৰাৰ আদেশ তেওঁলোকৰ বাবে সমানে প্ৰযোজ্য আছিল । আজি দিনটোৰ আৰম্ভণিতে তেওঁৰ মুখত এক স্বস্তিৰ হাঁহি বিৰিঙি উঠে যেতিয়া এমাহৰ বাবে পেৰ'লত থকা নলিনীক আৰক্ষীয়ে কাটপাডি আৰক্ষী থানাত স্বাক্ষৰ কৰিবলৈ লৈ য়ায় ।

আনহাতে, দুপৰীয়া তেওঁক মুক্তি সম্পৰ্কীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ ভেলোৰ কাৰাগাৰলৈ লৈ যোৱা হয় । একেদৰে উচ্চতম ন্যায়ালয়ৰ আদেশৰ প্ৰতিলিপি পুঝাল আৰু মাদুৰাই কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় য'ত বাকী লোকসকলক ৰখা হৈছে । "নলিনী শ্ৰীহৰণ আজি সন্ধিয়া কাৰাগাৰৰ পৰা ওলাই যাবলৈ সাজু হৈছে । তেওঁ এতিয়া এগৰাকী মুক্ত মহিলা হ'ব আৰু তেওঁৰ ভৱিষ্যতৰ বিষয়ে সিদ্ধান্ত ল'ব ।" তেওঁৰ অধিবক্তা পি পুগাঝেন্দিয়ে এই কথা কয় ।

উল্লেখ্য, নলিনী চেন্নাইত থাকিব নে লণ্ডনত থকা তেওঁৰ জীয়ৰীৰ সৈতে থাকিব সেয়া তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাই । "তেওঁ এই বিষয়ত এটা ফোনকল কৰিব ।" পুগাঝেণ্ডিয়ে লগতে কয় । আনহাতে, শ্ৰীলংকাৰ এগৰাকী নাগৰিক তেওঁৰ স্বামীৰ ভৱিষ্যতৰ বিষয়ে সোধাত জ্যেষ্ঠ পৰামৰ্শদাতাই কয় যে এই সন্দৰ্ভত ৰাজ্য চৰকাৰে সিদ্ধান্ত ল'ব । "সান্থনে ইতিমধ্যে শ্ৰীলংকালৈ উভতি যাবলৈ ইচ্ছা প্ৰকাশ কৰিছে । প্ৰথমতে তেওঁলোকক শ্ৰীলংকাৰ শৰণাৰ্থী শিবিৰত ৰখা হ'ব পাৰে ।" তেওঁ কয় ।

লগতে পঢ়ক :Rajiv Gandhi assassination case : আজি মুকলি আকাশৰ তললৈ ৰাজীৱ গান্ধী হত্যাৰ ৬ দোষী

ABOUT THE AUTHOR

...view details