অসম

assam

ETV Bharat / bharat

Drug menace app in Nagaland: নাগালেণ্ডত ধনদাবী তথা ড্ৰাগছ নিৰ্মূলৰ বাবে এপ মুকলি আৰক্ষীৰ - নাগালেণ্ডত ধনদাবী আৰু ড্ৰাগছ সম্পৰ্কীয় এপ মুকলি

নাগালেণ্ড আৰক্ষীয়ে ধন দাবী আৰু ড্ৰাগছৰ সৰবৰাহ নিৰ্মূলৰ বাবে এটা এপ মুকলি কৰিছে ৷ এই কথা উল্লেখ কৰে নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান ৰূপিন শৰ্মাই ৷

Drug menace app in Nagaland
ধন দাবী আৰু ড্ৰাগছৰ সৰবৰাহ নিৰ্মূলৰ বাবে এপ মুকলি

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 7:40 AM IST

নেশ্যনেল ডেস্ক, 28 ছেপ্টেম্বৰ :ধন দাবী আৰু ড্ৰাগছৰ সৰবৰাহ নিৰ্মূলৰ বাবে বুধবাৰে নাগালেণ্ড আৰক্ষীয়ে এটা এপ মুকলি কৰে । নাগালেণ্ড আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি আৰক্ষী সঞ্চালক প্ৰধান ৰূপিন শৰ্মাই কয় যে ধনদাবী আৰু ড্ৰাগছ সম্পৰ্কীয় এপটোৱে ৰাজ্যখনত এইধৰণৰ অপৰাধ ৰোধ কৰাত আৰক্ষীক সহায় কৰিবলৈ সক্ষম হ’ব ।

নাগৰিকে (মুভমেণ্ট এগেইনষ্ট ড্ৰাগছ এণ্ড এক্সটৰ্চন ইন নাগালেণ্ড) ‘Madeinagaland’ এপৰ জৰিয়তে বা ৱেবছাইট https://madeinagaland.com/nagaland/website/ ৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰে বুলি এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰে ।

"যোৱা কেইমাহমানৰ পৰা সমগ্ৰ নাগালেণ্ডৰ পৰা ধন দাবীৰ অভিযোগত প্ৰায় 24 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ য'ত বেছিভাগ গোচৰ আৰক্ষীৰ দ্বাৰা বা আৰক্ষীৰ উদ্যোগত Suo Moto Action ৰ দ্বাৰা বন্ধ কৰা হৈছে ৷" এই কথা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে ।

আৰক্ষী সঞ্চালক প্ৰধান শৰ্মাই লগতে জনায় যে নাগালেণ্ড আৰক্ষীয়ে ড্ৰাগছৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰি আহিছে ৷ আৰক্ষী বিভাগৰ ভিতৰত তেওঁলোকৰ ব্যৱস্থা শক্তিশালী কৰা হৈছে বুলিও উল্লেখ কৰে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে । তেওঁ লগতে কয় যে বিভাগে ড্ৰাগছ/নিচাজাতীয় দ্ৰব্য সেৱনৰ প্ৰতি আকৰ্ষিত আৰক্ষী কৰ্মীকো পুনৰ্বাসনলৈ যাবলৈ জাননী জাৰি কৰা হৈছে ৷ অন্যথা ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কঠোৰ নিৰ্দেশনা দিয়া হৈছে ।

নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে তেওঁলোকে নাগালেণ্ড আৰক্ষীৰ প্ৰাৰম্ভিক তালিকা প্ৰস্তুত কৰিছে, য’ত 43 জন আৰক্ষী জোৱানক নাৰ্কটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স এক্ট (এনডিপিএছ)ৰ অধীনত নিলম্বিত কৰা হৈছে ।

আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে আৰু কয় যে আৰক্ষী হিচাপে তেওঁলোকৰ কামত নিষ্ক্ৰীয় কৰ্ম দক্ষতাৰ প্ৰতি কোনো নম্ৰতা নাথাকিব ৷ লগতে নাগালেণ্ড আৰক্ষী বা চৰকাৰলৈ দুৰ্নাম কঢ়িয়াই অনা লোকৰ প্ৰতিও কোনো ধৰণৰ সদভাৱ নাথাকিব । ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতি ভালেই আছে বুলিও উল্লেখ কৰি মাজে সময়ে দুই এটা প্ৰাণঘাতী দুৰ্ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।

তেওঁ আৰু কয় যে বিভাগে অংশীদাৰসকলৰ সৈতে জড়িত হোৱাৰ লগতে পৰামৰ্শ ল’ব আৰু যান-বাহন পৰীক্ষাৰ ক্ষেত্ৰত বিষয়বোৰ উন্নত কৰাৰ চেষ্টা কৰিব ৷ কাৰণ কিছুমান দুৰ্ঘটনা দুৰ্গম অঞ্চলত সংঘটিত হৈছে ৷ য’ত আৰক্ষীয়ে তালাচী কৰাটো সদায় সম্ভৱ নহয় ।

ধৰ্ষণৰ দুই-এটা গোচৰ সংঘটিত হৈছে বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে আৰক্ষীয়ে যিমান পাৰে সকলো কাম কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে ৷

লগতে পঢ়ক :Kejriwal bungalow renovation: CBIয়ে আৰম্ভ কৰিলে কেজৰিৱালৰ বাসগৃহ পুনৰ নিৰ্মাণৰ দুৰ্নীতিৰ অভিযোগৰ তদন্ত

ABOUT THE AUTHOR

...view details