নিউজ ডেস্ক, 20 জুলাই : অতি শীঘ্ৰেই নাগালেণ্ড বিধানসভা (Nagaland legislative Assembly) হ’ব বিৰোধী শূণ্য ৷ শেহতীয়াকৈ পাহাৰীয়া ৰাজ্যখনৰ একমাত্ৰ বিৰোধী দল নাগা পিপলছ ফ্ৰন্টে (Naga Peoples' Front) নিৰ্বাচিত সদস্যসকলৰ সৈতে নগাসকলৰ ৰাজনৈতিক সমস্যাসমূহৰ সমাধানৰ প্ৰতি লক্ষ্য ৰাখি নেশ্যনেল ডেমক্ৰেটিক প্ৰগ্ৰেচিভ পাৰ্টী (Nationalist Democratic Progressive Party) নেতৃত্বাধীন পিপলছ ডেমক্ৰেটিক এলায়েঞ্চ (Peoples Democratic Alliance) চৰকাৰৰ সৈতে একেলগ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ নগাসকলৰ ৰাজনৈতিক সমস্যাসমূহ সমাধানৰ স্বাৰ্থত নাগা পিপলছ ফ্ৰন্টে (NPF)ৰ 25 গৰাকী নিৰ্বাচিত সদস্যই চৰকাৰৰ সৈতে মিত্ৰতা কৰিব বুলি জানিব পৰা গৈছে ৷
"নগাসকলৰ ৰাজনৈতিক সমস্যাসমূহৰ ক্ষেত্ৰত নাগা পিপলছ ফ্ৰন্টে (NPF)এ একেৰাহে পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ নগাসকলৰ ৰাজনৈতিক বিপ্লৱৰ বিষয় লৈ আমি পূৰ্বতেও চৰকাৰৰ সৈতে আছিলো আৰু এতিয়াও আছো ৷ এইক্ষেত্ৰত নগাসকলৰ ৰাজনৈতিৰ সমস্যাসমূহ সমাধানৰ বাবেই বিৰোধী বিহীন এখন চৰকাৰৰ গঠনৰ কথা বিবেচনা কৰা হৈছে ৷" NPF দলৰ মুখ্য সচিব তথা দলটোৰ প্ৰবক্তা এ কিক’ন (A Kikon)য়ে এনেদৰে কয় ৷
তেওঁ লগতে কয় যে, ‘শেহতীয়াকৈ অনুষ্ঠিত NPFৰ বিধায়িনী দলৰ বৈঠকতে সকলো বিধায়কে কোনো পূৰ্ব চৰ্ত অবিহনে বিৰোধী বিহীন চৰকাৰ গঠন আৰু NDPP নেতৃত্বাধীন চৰকাৰত যোগদানৰ সিদ্ধান্তক সমৰ্থন কৰিছে ৷ আমি এই সিদ্ধান্তত অটল হৈ আছো যদিও এই সিদ্ধান্তই চূড়ান্ত ৰূপ ল’বলৈ আৰু এসপ্তাহ সময়ৰ প্ৰয়োজন হ’ব ৷’
উল্লেখ্য যে, নাগালেণ্ডৰ বিধানসভাৰ 60 খন আসনৰ 20 খন আসন শাসকীয় NDPP নেতৃত্বাধীন চৰকাৰৰ ৷ আনহাতে 12 খন আসনত থকা বিজেপি দলটোও চৰকাৰৰ সৈতে মিত্ৰতাত আছে ৷ গেৰুৱা দলটোৱে কিন্তু এই বিষয়ত এইপৰ্যন্ত নিজৰ স্থিতি ব্যক্ত কৰা নাই ৷