অসম

assam

Nagaland Assembly polls 2023 : নাগালেণ্ডত পুনৰ ফুলিবনে পদুম ?

By

Published : Mar 2, 2023, 10:51 AM IST

Updated : Mar 2, 2023, 5:54 PM IST

নাগালেণ্ডৰ 16 টা ভোটগণনা কেন্দ্ৰৰ আটাইকেইটাতে পুৱা 8 বজাৰ পৰা ভোটগণনা আৰম্ভ হৈছে । প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে পৃথক পৃথক ভোটগণনা টেবুলৰ ব্যৱস্থা কৰা হৈছে (Nagaland Assembly polls 2023 results) ।

Nagaland
Nagaland

নিউজ ডেস্ক, ২ মাৰ্চ : ২৭ ফেব্ৰুৱাৰীত মুঠ ৬০ খন আসনৰ ভিতৰত ৫৯ খনত প্ৰতিদ্বন্দ্বিতা কৰা ১৮৩ জন প্ৰাৰ্থীৰ ভৱিষ্যতৰ বাবে বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে (Nagaland Assembly polls votes counting 2023) । উল্লেখ্য, এইবাৰৰ নাগালেণ্ড বিধানসভা নিৰ্বাচনত 83%-তকৈও অধিক ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে । আনহাতে, ভাৰতীয় নিৰ্বাচন আয়োগে (Election Commission of India) ভোটগণনা প্ৰক্ৰিয়াৰ শুদ্ধতা আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ গণনা পৰ্যবেক্ষক আৰু সাধাৰণ পৰ্যবেক্ষক নিয়োগ কৰিছে ।

ইফালে ৰাজ্যখনত ভোটগণনা প্ৰক্ৰিয়াৰ বাবে তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াৰ ভিতৰত আছে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী, ৰিটাৰ্ণিং বিষয়া আৰু পৰ্যবেক্ষকৰ উপস্থিতিত ভোটগণনা কেন্দ্ৰলৈ পৰিবহণ কৰা ইভিএমবোৰৰ চিচি টিভি নিৰীক্ষণ । সমগ্ৰ ৰাজ্যখনতে মুঠ 16 টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে । আনহাতে, প্ৰতিটো বিধানসভা সমষ্টিৰ ভোট গণনাৰ বাবে পৃথক পৃথক গণনা টেবুলৰ ব্যৱস্থা কৰা হৈছে (Nagaland Assembly Election 2023) ।

ভোটগণনা আৰম্ভ হয় ডাক বেলট পেপাৰৰ গণনাৰে । তাৰ আধা ঘণ্টা পিছত ইভিএমবোৰ খোলা হয় । নিৰ্বাচন আয়োগে ইভিএম ষ্ট্ৰং ৰুম সুৰক্ষিত কৰিবলৈ বৃহৎ সংখ্যক কৰ্মচাৰী নিয়োগ কৰিছে, য'ত ভোটিং মেচিনবোৰ আজিলৈকে ৰখা হৈছে । নেচনেল ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টী (National Democratic Progressive Party, NDPP)-ভাৰতীয় জনতা পাৰ্টীৰ (BJP) মিত্ৰজোঁটে দ্বিতীয়বাৰৰ বাবে শাসনৰ বাঘজৰী লোৱাৰ প্ৰবল সম্ভাৱনা আছে । তেনেহ'লে পুনৰবাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব নেফিউ ৰিঅ'ৰ কান্ধত পৰিব (Nagaland Chief Minister Neiphiu Rio) ।

আনহাতে, নাগা পিপলছ ফ্ৰণ্টে (Naga People's Front, NPF) ২১ খন আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ইফালে কংগ্ৰেছে ঘোষণা কৰিছে যে দলটোৱে বিজেপিৰ সৈতে মিত্ৰতা নকৰিলেও চৰকাৰ গঠনৰ বাবে সমভাবাপন্ন ধৰ্মনিৰপেক্ষ মৰ্চাত যোগদান কৰিব পাৰে । নেচনেল পিপ'লছ পাৰ্টী (এনপিপি) আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীয়ে (এনচিপি) প্ৰত্যেকে ১২ জনকৈ প্ৰাৰ্থী প্ৰদান কৰিছে । আনহাতে, লোক জনশক্তি পাৰ্টী (ৰাম বিলাস) আৰু ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াই (আঠৱালে) ক্ৰমান্বয়ে ১৬ আৰু ৮ জন প্ৰাৰ্থী প্ৰদান কৰিছে । ইয়াৰ উপৰি 19 জন প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে ।

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফল দিনটোৰ শেষৰ ফাললৈ ঘোষণা হোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য, ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰ কাৰ্যকাল ১২ মাৰ্চত সমাপ্ত হ'ব । ২০১৮ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত পূৰ্বৱৰ্তী বিধানসভা নিৰ্বাচনত এনডিপিপি আৰু বিজেপিৰ মিত্ৰজোঁটে নেফিউ ৰিঅ' মুখ্যমন্ত্ৰী হিচাপে লৈ ৰাজ্যখনত চৰকাৰ গঠন কৰিছিল । এনপিএফ একক বৃহত্তম দল হিচাপে পৰিগণিত হোৱা সত্ত্বেও চৰকাৰ গঠনৰ বাবে বিজেপিয়ে স্থানীয় সহযোগী এনপিএফৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছিল ।

লগতে পঢ়ক :Election results 2023: পুৱা 8 বজাৰ পৰা আৰম্ভ হ’ব ত্ৰিপুৰা-মেঘালয়-নাগালেণ্ডৰ ভোটগণনা

Last Updated : Mar 2, 2023, 5:54 PM IST

ABOUT THE AUTHOR

...view details