যোৰহাট, 27 ফেব্ৰুৱাৰী: অন্ত পৰিল কেইবাটাও হিংসাত্মক ঘটনাৰ মাজেৰে অনুষ্ঠিত হোৱা নাগালেণ্ডৰ বিধানসভা নিৰ্বাচন (Nagaland Assembly Election 2023) ৷ পুৱা 7 বজাৰ পৰা সন্ধিয়া 4 বজালৈকে অনুষ্ঠিত হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়াত ভোটাধিকাৰ সাব্যস্ত কৰিলে 84.78 শতাংশ ভোটাৰে ৷ ইভিএমত বন্দী হ’ল নাগালেণ্ডৰ 183 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য ৷
গুলীচালনা, মাৰপিট আদি নিৰ্বাচন কেন্দ্ৰিক হিংসাৰ পাচতো নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ পুৱাৰে পৰা ভোট কেন্দ্ৰসমূহত ভিৰ কৰিলেহি ভোটাৰে (Nagaland polling violence) ৷ উল্লেখ্য যে, পাহাৰীয়া ৰাজ্যখনৰ মুঠ ভোটাৰৰ সংখ্যা আছিল 13 লাখ 16 হাজাৰ 64 গৰাকী ৷ ইয়াৰ ভিতৰত মহিলা ভোটাৰৰ সংখ্যা 6,56,143 গৰাকী আৰু পুৰুষ ভোটাৰ সংখ্যা 6,61,489 গৰাকী ৷ ৰাজ্যখনৰ 60টা বিধানসভা সমষ্টিৰ ভিতৰত 59টা সমষ্টিত সম্পন্ন হ’ল ভোট গ্ৰহণ ৷ ইতিমধ্যেই 31 নং অকুলুটু সমষ্টিত BJP ৰ প্ৰাৰ্থী কহেতু কিনিমিয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ কৰিছে (Nagaland voter trunout) ৷
উল্লেখ্য যে, 40 নং ভাণ্ডাৰী সমষ্টিৰ 3 নং ৱাৰ্ডত একাংশ ৰাজনৈতিক দলৰ সমৰ্থকে ভোটগ্ৰহণ কেন্দ্ৰ লণ্ড-ভণ্ড কৰাৰ লগতে ভাঙি চূৰমাৰ কৰে ইভিএম মেচিন ৷ ইফালে আংলাংকাকী সমষ্টিতো সংঘটিত হয় নিৰ্বাচনী হিংসা ৷ NPF আৰু NPP দলৰ সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ লগতে ভোটাৰ ৰাইজকৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ একাংশ দুষ্কৃতিকাৰীৰ ৷ লগতে সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ যাৰ বাবে বহু সময়ৰ বাবে সাময়িকভাৱে স্থগিত ৰাখিব লগা হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ সমান্তৰালভাৱে তুই বিধানসভা সমষ্টিতো JDU আৰু RJD দলৰ সমৰ্থকৰ মাজতো সংঘটিত হয় শিলগুটি নিক্ষেপৰ ঘটনা (Nagaland assembly poll update) ৷