নেশ্যনেল ডেস্ক, 16 জানুৱাৰী:সোমবাৰৰ সন্ধিয়া কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ নাগালেণ্ডৰ কোহিমাত প্ৰৱেশ কৰাৰ সময়তে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে বিভিন্ন ৰাজ্যৰ নগা সংগঠনক প্ৰতিনিধিত্ব কৰা নগা HOHO ৰ এটা প্ৰতিনিধি দলে ৰাহুল গান্ধীক সাক্ষাৎ কৰে বুলি জনায় ৷ সংগঠনটোৱে 2015 চনত কেন্দ্ৰ আৰু এন এছ চি এন-আই এমৰ মাজত স্বাক্ষৰিত কাঠামো চুক্তি ৰূপায়ণৰ বাবে কংগ্ৰেছ নেতাগৰাকীক স্মাৰক পত্ৰ দাখিল কৰে ।
নগা HOHO হৈছে নগা সম্প্ৰদায়ৰ অন্তৰ্গত লোকসকলৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাপ্ৰাপ্ত এক শীৰ্ষ সংস্থা । Xযোগে ৰমেশে লিখিছে, "বিভিন্ন ৰাজ্যৰ নগা সংগঠনক প্ৰতিনিধিত্ব কৰা নগা HOHO ৰ এটা প্ৰতিনিধি দলে আজি সন্ধিয়া নাগালেণ্ডৰ খুজামা খেলপথাৰৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত @RahulGandhiক সাক্ষাৎ কৰে । ই ভাৰত চৰকাৰ আৰু এন এছ চি এন-আই এমৰ দ্বাৰা 2015 চনৰ 3 আগষ্টত স্বাক্ষৰিত কাঠামো চুক্তি ৰূপায়ণ আৰু ইয়াক প্ৰধানমন্ত্ৰীয়ে এক অগ্ৰগতি আৰু সমাধান হিচাপে প্ৰশংসা কৰিছিল ।"
"ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টখন প্ৰায় 9 বছৰৰ পাছতো মাত্ৰ এখন কাগজৰ টুকুৰা হৈয়ে আছে । এই চুক্তি স্বাক্ষৰিত হোৱাৰ পূৰ্বে অন্য ৰাজনৈতিক দলৰ সৈতে কোনো আলোচনা হোৱা নাছিল, বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে ৷ উক্ত সময়ছোৱাত উত্তৰ-পূবৰ তিনিখন ৰাজ্য অৰুণাচল প্ৰদেশ, অসম আৰু মণিপুৰত কংগ্ৰেছ দলৰ চৰকাৰ আছিল ।"
ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নেতৃত্বাধীন চৰকাৰখনক কটাক্ষ কৰি জয়ৰাম ৰমেশে লিখিছে, "ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ এই সমগ্ৰ কচৰৎ স্পষ্টভাৱে প্ৰধানমন্ত্ৰীৰ শিৰোনাম দখল কৰা পদক্ষেপসমূহৰ ভিতৰত অন্যতম এটা আছিল । চুক্তিখনৰ DETAILS এতিয়াও জানিব পৰা হোৱা নাই ।"