অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাৰ সৈতে সম্পৰ্ক ছেদ NAFED ৰ - সমবায় দোকান

এতিয়াৰে পৰা ত্ৰিপুৰাক মাহজাতীয় শস্য যোগান নধৰে ৰাষ্ট্ৰীয় কৃষি বিপণন সমবায় ফেডাৰেছনে । ত্ৰিপুৰাৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী মনোজ কান্তি দেৱে এই কথা প্ৰকাশ কৰিছে । মাহজাতীয় শস্যৰ নাটনি হৈছে যদিও ত্ৰিপুৰাত চাউল, ঘেঁহু আৰু ময়দা পৰ্যাপ্ত পৰিমাণে আছে বুলি তেওঁ জানিবলৈ দিয়ে ।

NAFED snaps ties with Tripura
ত্ৰিপুৰাৰ সৈতে সম্পৰ্ক ছেদ NAFEDৰ

By

Published : May 12, 2021, 4:17 PM IST

নেশ্যনেল ডেস্ক,১২ মে': মাহজাতীয় শস্যৰ নাটনিয়ে বিপদত পেলাইছে ত্ৰিপুৰাৰ চৰকাৰী সমবায় দোকানসমূহক । খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী মনোজ কান্তি দেৱে জনোৱা মতে, ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি বিপণন সমবায় ফেডাৰেছনে ত্ৰিপুৰাৰ সৈতে ব্যৱসায়িক সম্পৰ্ক ছেদ কৰাৰ বাবে অনাগত কেইদিনমানৰ বাবে সমবায় দোকানবোৰত মাহজাতীয় শস্যৰ নাটনি হৈ থাকিব ।

ৰন্ধনত ব্যৱহৃত তেলৰ অত্যধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে চলোৱা এক অভিযানৰ সময়ত তেওঁ কয় যে, ত্ৰিপুৰালৈ মাহজাতীয় শস্য যোগান ধৰা ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি বিপণন সমবায় ফেডাৰেছনে ত্ৰিপুৰাৰ সৈতে স্বাক্ষৰিত চুক্তিৰ পৰা বৰ্তমান আঁতৰি গৈছে । তেওঁ লগতে কয় যে, ইতিমধ্যে নতুন নিবিদা দিয়া হৈছে ।

কিন্তু প্ৰাৰম্ভিক চুক্তিৰ পিছত, নিবিদা দিয়া সংস্থাই ৰাজ্যখনৰ ৰাজহুৱা খাদ্য বিতৰণ প্ৰণালীৰ ওপৰত প্ৰভাৱ পেলাই মাহজাতীয় শস্য যোগান ধৰিবলৈ অস্বীকাৰ কৰিছে । সেয়ে, চৰকাৰে এনে সংস্থাক জৰিমনা বিহাৰ সিদ্ধান্ত লৈছে আৰু চুক্তিৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁ ত্ৰিপুৰাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।

এই সন্দৰ্ভত সচিবালয়ত এখন বৈঠক আহ্বান কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । বৰ্তমান মজুত থকা খাদ্য সামগ্ৰী সন্দৰ্ভত তেওঁ কয় যে, ত্ৰিপুৰাত চাউল, ঘেঁহু আৰু ময়দা পৰ্যাপ্ত পৰিমাণে আছে আৰু অহা দুমাহলৈকে এই সামগ্ৰীবোৰৰ নাটনি নহয় ।

ৰাজ্যখনত চেনীৰ নাটনি হৈছে যদিও সোনকালেই অভাৱ পূৰণ কৰা হ'ব বুলিও তেওঁ আশ্বাস দিয়ে । ইন্ধনৰ সন্দৰ্ভত তেওঁ কয় যে, বৰ্তমান মজুত থকা ইন্ধন অহা এসপ্তাহৰ বাবে পৰ্যাপ্ত । তেওঁ লগতে কয় যে, মহমাৰীৰ সময়ত কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি সামগ্ৰী মূল্য বৃদ্ধি কৰা কেইবাখনো দোকান প্ৰশসানে বন্ধ কৰি দিছে ।

লগতে পঢ়ক: ত্ৰিপুৰাৰ ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন ২৫ গৰাকীকৈ ৰোগীৰ, আটক ৭

ABOUT THE AUTHOR

...view details