নিউজ ডেস্ক, ৮ জুলাই :মহাৰাষ্ট্ৰত চলি থকা এনচিপি বনাম এনচিপি সংঘাতত দলৰ মুৰব্বী শৰদ পাৱাৰে দলটোৰ পৰা বিচ্ছিন্ন হোৱা ভতিজাক অজিত পাৱাৰক পুনৰবাৰ লক্ষ্য কৰি লৈছে । অজিত পাৱাৰে সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ ল'ব লাগে বুলি শৰদ পাৱাৰক দিয়া পৰামৰ্শক উপহাস কৰি কয় যে দলীয় কৰ্মীসকলে তেওঁক যেতিয়ালৈকে বিচাৰে, তেতিয়ালৈকে কাম কৰি যাব ।
"আপোনালোকে জানেনে কিমান বয়সত মোৰাৰজী দেশাই প্ৰধানমন্ত্ৰী হৈছিল ? মই প্ৰধানমন্ত্ৰী বা মন্ত্ৰী হ'ব নিবিচাৰোঁ, কিন্তু কেৱল জনসাধাৰণৰ সেৱা কৰিব বিচাৰোঁ ।" ৮৩ বছৰ বয়সত তেওঁৰ খুৰাকৰ অৱসৰৰ সময় আহি পৰিছে বুলি অজিতৰ মন্তব্যৰ বিষয়ে সোধাত পাৱাৰে এনেদৰে কয় । এতিয়াও তেওঁৰ বয়স হোৱা নাই বুলি দাবী কৰি শৰদ পাৱাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সুৰৰ প্ৰতিধ্বনি কৰি কয়, "না টায়াৰ্ড হু, না ৰিটায়াৰ্ড হু ।"
"মোক অৱসৰ ল'বলৈ ক'বলৈ তেওঁলোক কোন ? মই এতিয়াও কাম কৰিব পাৰোঁ ।" পাৱাৰে এটা ডিজিটেল সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত কয় । অজিত পাৱাৰে তেওঁ কাৰোবাৰ পুত্ৰ (শৰদ পাৱাৰৰ) নোহোৱাৰ বাবেই তেওঁক একাষৰীয়া কৰি ৰখা হৈছিল বুলি কৰা মন্তব্যৰ পিছত পৰিয়ালটোত উত্তৰাধিকাৰী যুদ্ধ সন্দৰ্ভত সোধা আন এক প্ৰশ্নৰ উত্তৰত প্ৰবীণ ৰাজনীতিবিদজনে কয়, "মই এই বিষয়ত বেছি ক'ব নিবিচাৰোঁ । মই পৰিয়ালৰ বাহিৰত পাৰিবাৰিক সমস্যাবোৰ আলোচনা কৰিবলৈ ভাল নাপাওঁ ।"