নিউজ ডেস্ক, 30 জুন:প্ৰায় দুমাহ ধৰি মণিপুৰত জ্বলি থকা হিংসাৰ জুইকুৰা আজিও নুমুৱা নাই ৷ প্ৰায় প্ৰতিদিনেই নতুন নতুন সংঘাতৰ সৈতে মোকাবিলা কৰিব লগীয়া হৈছে মণিপুৰৰ জনতাই ৷ তাৰ মাজতে শুকুৰবাৰে বিয়লি মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰিব বুলি বিয়পিছিল এক খবৰ ৷ বিয়লি 3 বজাত ৰাজ্যপাল অনুসূয়া উইকীক সাক্ষাৎ কৰি পদত্যাগ কৰাৰ সম্ভাৱনা আছিল মুখ্যমন্ত্ৰীৰ ৷ কিন্তু টুইটযোগে পদত্যাগ নকৰাৰ কথা স্বীকাৰ কৰে এন বীৰেণ সিঙে ৷
এন বীৰেণ সিঙে পদত্যাগ কৰিব বুলি চৰ্চা হোৱাৰ পিচতে অসংখ্য সমৰ্থকে ইয়াৰ বিৰোধিতা কৰে ৷ মুখ্য়মন্ত্ৰী এন বীৰেণ সিঙৰ বাসগৃহৰ সমুখত আহি ভিৰ কৰেহি অসংখ্য লোকে ৷ হাতে হাতে প্লে’কাৰ্ড লৈ মুখ্যমন্ত্ৰীক পদত্যাগ নকৰিবৰ বাবে অনুৰোধ জনায় সমৰ্থক সকলে ৷
উল্লেখ্য যে, মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সূত্ৰপাত ঘটা গোষ্ঠী সংঘৰ্ষত শতাধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছে তিনি সহস্ৰাধিক লোক ৷ হিংসাৰ জুইত ঘৰ-দুৱাৰ জাহ যোৱাত শিবিৰত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে পাহাৰীয়া ৰাজ্যখনৰ কেইবা লক্ষাধিক লোকে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মণিপুৰত ভাৰতীয় সেনাৰ অৰ্ধশতাধিক কোম্পেনী মোতায়ন কৰা হৈছে যদিও শান্ত হোৱা নাই মণিপুৰ ৷