2021 চনৰ বিধানসভা নিৰ্বাচন হৈছে ব্যাপক জনসমৰ্থন থকা বিশাল ব্যক্তিত্বৰ অধিকাৰীকেইজনৰ অনুপস্থিতিত ৰাজ্যৰ আইনসভাৰ বাবে অনুস্থিত হোৱা প্ৰথমখন নিৰ্বাচন আৰু ই ৰাজনৈতিক ভেদাভেদ নিৰ্বিশেষে সকলোকে প্ৰভাৱিত কৰিব ৷ অতীতত তামিলনাডুত কংগ্ৰেছৰ কে কামৰাজ আৰু ডি এম কেৰ চি এন অন্নাডুৰাইৰ দৰে বলিষ্ঠৰ ব্যক্তিৰ উপস্থিতি আছিল ৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত প্ৰতিভাধৰ বক্তা মুথুভেল কৰুণানিধি আৰু এম জি আৰ বুলি পৰিচিত আকৰ্ষণীয় ব্যক্তিত্বৰ এম জি ৰামাচন্দ্ৰন আৰু জয়াললিতা দৰে ব্যক্তিসকলৰ উপস্থিতিৰে তামিলনাডুৰ ৰাজনৈতিক আৱহাৱা গমমাই আছিল ৷ কিছুমাহ পূৰ্বে জয়াললিতা আৰু কৰুণানিধিৰ বিয়োগৰ পাচত তামিলনাডুত যে ৰাজনৈতিক শূন্যতাই বিৰাজ কৰিবলৈ ধৰিছে, সেই কথা সময়ে সময়ে আলোচিত হৈ আহিছে ৷ এই আলোচনা কেৱল ৰাজনৈতিক উচ্চাকাংক্ষা থকা সাংস্কৃতিক জগতৰ প্ৰসিদ্ধ চেলিব্ৰিটিসকলৰ মাজতে আৱদ্ধ হৈ থকা নাই ৷ বৰঞ্চ ই বিজেপিৰ বাবেও খোৰাক যোগাইছে ৷ গেৰুৱা দলটোৱে বিশ্বাস কৰে যে, ৰাজনৈতিক স্থান দখল কৰাৰ এয়াই হৈছে সুবৰ্ণ সুযোগ ৷ ইফালে ৰজনীকান্তে ৰাজনীতিৰ সাগৰখনত ডুব মৰাৰ পূৰ্বেই আঁতৰি আহিল ৷ আনহাতে কমল হাচানেও বিশ্বাস এৰি দিয়া নাই ৷ তেওঁ নিজকে সৃষ্টি হোৱা শূন্যতা পূৰণ কৰাৰ উপযুক্ত ব্যক্তিজন বুলি বিবেচিনা কৰিছে ৷ কিন্তু যদি 2019 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ সংকেত বুজিব পৰা গ’লহেতেন, তেন্তে এক ৰাজনৈতিক আৰু নেতৃত্বৰ শূন্যতা যে অস্তিত্বহীন সেই কথা বুজিব পৰা গ’লহেতেন ৷
চেন্নাই :
দ্ৰাবিড়ীয় পৃষ্ঠভূমিত ৰাজনীতিয়ে কেতিয়াবা কেতিয়াবাহে আশ্চৰ্যকিত কৰে ৷ 1967 চনৰ পৰাই যেতিয়া কংগ্ৰেছক ক্ষমতাৰ পৰা বিতাৰিত কৰা হৈছিল, তেতিয়াৰে পৰাই ৰাজ্যখন ডি এম কে নাইবা এ আই এ ডি এম কেৰ দ্বাৰা শাসিত হৈ আহিছে ৷ কেইবা দশকজুৰি জাতীয়তাবাদী ৰাজনৈতিক স্থানে কেৱল ‘মাৰ্জিন’তে ৰৈছে আৰু লোকসভাই হওঁক নাইবা বিধানসভাই হওঁক, প্ৰতিটো নিৰ্বাচনৰ ফলাফলে এই সাক্ষ্য বহন কৰে ৷ এতিয়া এ আই এ ডি এম কেৰ সৰ্বেসৰ্বা জয়াললিতা আৰু তেওঁৰ চিৰবৈৰী কৰুণানিধিৰ বিয়োগৰ ফলত যিসকলে এই দশকজোৰা দৃশ্যপট সলনি কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ বাবে “ৰাজনৈতিক শূন্যতা” এটা প্ৰিয় শ্ল’গান হিচাপে পৰিগণিত হৈছে ৷ ৰজনীকান্ত আছিল প্ৰথমজন ব্যক্তি, যিয়ে এই ৰাজনৈতিক শূন্যতাৰ বিষয়টো উত্থাপন কৰিছিল ৷ ইয়াৰ পাচতেই আহিল কমল হাচান ৷ তেওঁ নিজকে উদ্ধাৰকাৰী ‘মেচিহা’ হিচাপে ঘোষণা কৰিলে ৷ আনহাতে গেৰুৱা বাহিনীয়ে দ্ৰাৱিড়ীয় আদৰ্শ আৰু ঐতিহ্যক উপহাস কৰি ইতিমধ্যে ঘোলা হোৱা পানীখিনিত বৰশী টুপাবলৈ চেষ্টা চলালে ৷ তেওঁলোকে কিবা এটা আচোঁৰো লগাবলৈ সক্ষম হ’লনে ?
ইয়াৰ বিপৰীতে দ্ৰাৱিড়ীয়ান ৰাজনীতি এতিয়াও জীয়াই আছে আৰু সুষ্ঠ হৈ আছে ৷ এই দুয়োজন নেতাৰ অনুপস্থিতিত ডি এম কে হওঁক নাইবা এ আই ডি এম কেয়েই হওঁক, কোনোটো দলেই বিকলো হৈ পৰা নাই আৰু ৰাজ্যৰ ৰাজনীতি পৰিচালনা কৰিবা পৰাকৈ নিজৰ প্ৰাসঙ্গিকতাও হেৰুওৱা নাই ৷
স্বীকাৰ কৰিব লাগিব যে, ৰাজনৈতিক জগতখনত আধিপত্য বিস্তাৰ কৰা দুয়োজন বিশাল ব্যক্তিয়ে ৰাষ্ট্ৰীয় দলবোৰৰ যিকোনো বৃহৎ পদক্ষেপেই অস্বীকাৰ কৰিছিল ৷ তথাপিও, তেওঁলোক গুচি যোৱাৰ পাচতো ব্যাপক দ্ৰাৱিড়ীয় আধিপত্যক প্ৰত্যাহ্বান কৰাসকলৰ বাবে কোনো অনুকুল পৰিৱেশ গঢ়ি উঠা নাই ৷ তামিলনাডুৱে ৰাষ্ট্ৰীয় প্ৰৱণতাটোৰ বিৰোধিতা কৰাতো আছিল 2019 চনৰ লোকসভা নিৰ্বাচনৰ এটা উল্লেখযোগ্য ঘটনা ৷ তামিলনাডুত ‘মোদী মেজিক’ৰ ভেলেকি চলা নাছিল ৷
2016 চনৰ ডিচেম্বৰ মাহত জয়াললিতাৰ মৃত্যুৰ পাচতেই বিধানসভা নিৰ্বাচনত ক্ষমতা অক্ষুন্ন ৰখা কৰুণানিধিৰো 2018 চনৰ আগষ্ট মাহত মৃত্যু ঘটে আৰু এনেকৈয়ে এইটোৱেই হ’ল প্ৰথমটো নিৰ্বাচন, যিটো তেওঁলোক দুয়োজনৰে অনুপস্থিতিত অনুষ্ঠিত হৈছে ৷ ষ্টেলিনে যদিও 2016 চনৰ নিৰ্বাচনী প্ৰচাৰত ডি এম কেক পৰিচালনা কৰিছিল আৰু কান্ধ দিছিল, কিন্তু লোকসভা নিৰ্বাচন আছিল তেওঁৰ বাবে অগ্নি পৰীক্ষা ৷
ফলাফল ঘোষণাৰ সময়ত ষ্টেলিন আৱেগিক হৈ পৰিছিল আৰু অন্না অৰিভালয়ামৰ দলৰ মূখ্য কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত তেওঁ সম্বোধনী ভাষণ দিয়াৰ পৰত দুয়ো গালেৰে চকুলো বৈ আহিছিল ৷ ৰাজনৈতিক দিগন্তত এজন নেতাৰ জন্ম হৈছিল আৰু মোদী বিৰোধী অভিযান হিচাপে তেওঁৰ সহযোগীসকলে এক উৎকৃষ্ট ফচল বুটলিবলৈ সক্ষম হৈছিল ৷ তেওঁৰ নেতৃত্বত নিৰপেক্ষ জোঁটবন্ধনে নিৰংকুশতা পাইছিল আৰু এ আই এ ডি এম কে আৰু বিজেপিয়ে মুখ চেলেকিবলগীয়া হৈছিল ৷ 39 খন লোকসভা অসনৰ ভিতৰত ডি এম কে নেতৃত্বত তেওঁলোকে লাভ কৰিছিল 38 খন ৷