অসম

assam

ETV Bharat / bharat

Mysterious fire in Uttrakhands house: উত্তৰাখণ্ডৰ এটা বিশেষ ঘৰত য'তে ত'তে জুই

উত্তৰাখণ্ডৰ নাইনিতালত এক ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনাই প্ৰহেলিকাৰ সৃষ্টি কৰিছে ৷ ঘৰটোৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাৰ পিছতো বাৰে বাৰে এই অগ্নিকাণ্ড সংঘটিত হৈছে । ফলত দিনতো বাদেই নিশাও বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে পৰিয়ালটোৱে ।

Mysterious fire in Uttrakhand's house left administration and electricity dept puzzled
উত্তৰাখণ্ডত ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনা

By

Published : Nov 18, 2022, 11:21 AM IST

নিউজ ডেস্ক, 18 নৱেম্বৰ: উত্তৰাখণ্ডৰ নাইনিতাল জিলাৰ হালদ্বানীৰ এটা পৰিয়ালে কেইবাদিন ধৰি আতংকৰ মাজত দিন কটাবলগীয়া হৈছে । উক্ত পৰিয়ালটোৰ বাসগৃহত বিগত 9 দিন ধৰি ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনাই প্ৰহেলিকাৰ সৃষ্টি কৰিছে(Mysterious fire in the house) ৷ ঘৰটোৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাৰ পিছতো বাৰে বাৰে এই অগ্নিকাণ্ড সংঘটিত হৈছে । ফলত দিনটোৰ বাদেই নিশাও বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে পৰিয়ালটো ।

উত্তৰাখণ্ডত ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনা

হালদ্বানীৰ তাল্লা গোৰখপুৰ অঞ্চলত অৱস্থিত উমেশ পাণ্ডে নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা(Fire in Haldwani Umesh Pandey house) । পৰিয়ালটোৱে জনোৱা মতে, ৮ নৱেম্বৰত চন্দ্ৰগ্ৰহণ আৰু ভূমিকম্পৰ ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে । উপায়ন্তৰ হৈ তেওঁলোকে বিদ্যুৎ বিভাগৰ লোকক মাতি আনি ঘৰৰ বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰিছে যদিও এতিয়াও ঘৰটোৰ য’তে ত’তে অগ্নিকাণ্ড সংঘটিত হৈ আহিছে ৷

ৰহস্যজনক অগ্নিকাণ্ডৰ কৱলত পৰা ঘৰটো

পৰিয়ালটোৱে উল্লেখ কৰা অনুসৰি, প্ৰথমে ঘৰৰ তিনিখন চুইচবৰ্ডত জুই লগাত তেওঁলোকে ইলেক্ট্ৰিচিয়ানক ফোন কৰি বিদ্যুতৰ সংযোগ কাটি দিয়ে ৷ কিন্তু পিছদিনা পুৱা আকৌ চুইচবৰ্ডত জুই লাগে আৰু তাৰ পিছত লাহে লাহে এই জুই তাঁৰলৈ সম্প্ৰসাৰিত হয় ৷ ১৪ নৱেম্বৰৰ পৰা ঘৰৰ বিচনা, আলমিৰা, কাপোৰ আৰু অন্যান্য সামগ্ৰীতো ক্ৰমে নিজে নিজে জুই লাগিবলৈ ধৰে(Mysterious fire in house in Haldwani) ।

বিগত 9 দিনত উমেশ পাণ্ডেৰ ঘৰত এনেধৰণৰ প্ৰায় ২০টা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । পৰিয়ালৰ লোকে জনোৱা মতে, প্ৰশাসনে ইতিমধ্যে এটা বিশেষ দল পঠিয়াই এই ঘটনাৰ তদন্তৰ আশ্বাস দিছে । ইফালে বিদ্যুৎ বিভাগ আৰু জিলা প্ৰশাসনে এটা দল ইতিমধ্যে এই ৰহস্যজনক অগ্নিকাণ্ডৰ তদন্তত নিয়োজিত হৈ আছে ।

লগতে পঢ়ক:Skyroot Aerospace launch Vikram S: আজি উৎক্ষেপণ কৰা হ’ব দেশৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট

ABOUT THE AUTHOR

...view details