আগৰতলা, ৬ জুন:ত্ৰিপুৰাৰ চেপাহিজালা জিলাত এগৰাকী পঞ্চাশ বছৰীয়া বিধৱা মহিলাৰ মৃত্যুকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে জিলাখনৰ বিশালগড় পৌৰ পৰিষদৰ অঞ্চলত সংঘটিত এই ঘটনা । মহিলাগৰাকীক তেওঁৰে পুত্ৰই হত্যা কৰাৰ এক অভিযোগ উঠিছে ।
ত্ৰিপুৰাত ৰহস্যজনক মৃত্যু এগৰাকী মহিলাৰ সূত্ৰৰ পৰা জানিব পৰা মতে, আৰক্ষীয়ে ঘৰটোত প্ৰৱেশ কৰাৰ সময়ত পুত্ৰও মৃত বাবলি লস্কৰৰ ওচৰতে আছিল । স্থানীয় লোকৰ মতে অভিযুক্ত পুত্ৰ তুষাৰ লস্কৰ নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত আছিল আৰু প্ৰায়ে তেওঁক মাকৰ সৈতে টকাক লৈ কাজিয়া কৰা দেখা গৈছিল । প্ৰায় ১৩ বছৰ পূৰ্বে স্বামীক হেৰুওৱা মহিলাগৰাকী তেওঁৰ পুত্ৰৰ সৈতে তেওঁৰ বাসগৃহত আছিল ।
এগৰাকী চুবুৰীয়াই অভিযোগ কৰা মতে প্ৰায়ে তুষাৰ লস্কৰে মাতৃৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাইছিল । স্থানীয় লোকসকলে বহুবাৰ সভা অনুষ্ঠিত কৰি তেওঁক এই কুকৰ্ম ত্যাগ কৰিবলৈ অনুৰোধ জনাই আহিছিল কিন্তু কোনো গুৰুত্ব দিয়া নাছিল তুষাৰে । যাৰ বাবে সমগ্ৰ অঞ্চলটোতে বিভিন্ন সময়ত অপ্ৰিতীকৰ পৰিৱেশৰ সৃষ্টি হৈছিল ।
এগৰাকী আত্মীয়ৰ মতে প্ৰায় ৫-৬ মাহ পূৰ্বে মহিলাগৰাকী অসুস্থ বুলি গম পাই তেওঁলোক মহিলাগৰাকীৰ ওচৰলৈ আহিছিল আৰু তেতিয়াও তুষাৰে মাকক শাৰীৰিক অত্যাচাৰ চলোৱা প্ৰত্যক্ষ কৰিছিল ৷ মহিলাগৰাকীক তেওঁৰ পুত্ৰই ধনৰ বাবে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে যদিও ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে । আৰক্ষীয়ে জনোৱা মতে যদি এয়া হত্যাকাণ্ড বুলি প্ৰমাণ হয় তেনেহ'লে দোষীক কৰায়ত্ব কৰা হ'ব ।
লগতে পঢ়ক:বিতৰ্কিত পোষ্টৰ বাবে ত্ৰিপুৰা চিপিআই(এম)ৰ দুই নেতাক আৰক্ষীৰ তলব