নেশ্যনেল ডেস্ক, 4 নৱেম্বৰ:শৰণাৰ্থীৰে ভৰিছে মিজোৰাম ৷ লগতে ৰাজ্যখনৰ সমাগত বিধানসভাৰ নিৰ্বাচনত ই অন্যতম এক ৰাজনৈতিক ইচ্ছ্যু হৈ পৰা পৰিলক্ষিত হৈছে ৷ মিজোৰামে ম্যানমাৰৰ সৈতে 510 কিলোমিটাৰ দৈৰ্ঘৰ অমীমাংসিত সীমান্ত ভাগ কৰাৰ লগে লগে 33 হাজাৰতকৈ অধিক লোকে মিজোৰামত আশ্ৰয় বিচাৰিছে । এই শৰণাৰ্থীসকলে ম্যানমাৰত সামৰিক অভ্যুত্থানৰ পিছত হিংসাত্মক পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ সীমান্ত অতিক্ৰম কৰিছিল । বৰ্তমান শৰণাৰ্থীসকলে বাঁহৰ বেৰযুক্ত টিনৰ চালযুক্ত অস্থায়ী ঘৰত দিন কটাবলগীয়াত পৰিছে ৷ ইয়াৰোপৰি পানী আৰু বিদ্যুতৰ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে বুলি জানিব পৰা গৈছে ।
নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহে প্পৰস্তুত কৰিছে দলীয় ইস্তাহাৰ ৷ ইস্তাহাৰত শৰণাৰ্থীসকলৰ প্ৰতি প্ৰতিশ্ৰুতি আগবঢ়াইছে ৰাজ্যৰ দলবোৰে ৷ শাসকীয় মিজো নেচনেল ফ্ৰণ্টে ইস্তাহাৰত জোফা বা জো সম্প্ৰদায়ৰ লোকক যদিহে দলটোৱে নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ সক্ষম হয় তেন্তে তেওঁলোকৰ প্ৰশাসনৰ অধীনত শৰণাৰ্থীসকলক সংস্থাপিত কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে ইস্তাহাৰ যোগে । ম্যানমাৰৰ পৰা মিজোৰামত আশ্ৰয় বিচাৰি পলায়ন কৰা শৰণাৰ্থীসকলে নিৰ্বাচনমুখী ৰাজ্যখনৰ নতুন চৰকাৰে তেওঁলোকৰ সমস্যাৰ কথা শুনিব লগতে তেওঁলোকৰ প্ৰতি সমৰ্থন আগবঢ়াব বুলি আশা প্ৰকাশ কৰিছে ।