তেজপুৰ, 11 জুলাই:হিংসা জৰ্জৰ মণিপুৰত দৈনিক ন ন তথ্য পোহৰলৈ আহিছে ৷ গোষ্ঠীগত সংঘৰ্ষত আন্তঃৰাষ্ট্ৰীয় সীমান্ত ম্যানমাৰৰ পৰা অহা লোকে অধিক বিপর্যয়ৰ সৃষ্টি কৰিছে ৰাজ্যখনত ৷
3 মে'ৰ ঘটনাৰ পাছত মণিপুৰৰ হিংসাই আজি 69 দিনত ভৰি দিলে ৷ ইতিমধ্যে মণিপুৰৰ চুৰাচান্দপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা এক বিশেষ গোহাৰি আৰক্ষী বিষয়া সকলৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ মণিপুৰৰ এই হিংসাত ম্যানমাৰৰ 8 জন লোকে চুৰাচান্দপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ চুৰাচান্দপুৰ আৰক্ষী অধীক্ষকে Letter No. C-5/27/SP-CDL/2023/ Dated 28 June 2023ত এক বিশেষ জাননী জাৰি কৰি চান্দেল জিলাৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰিছে ৷ ম্যানমাৰৰ এই লোকসকল কেনেকৈ মণিপুৰত প্ৰৱেশ কৰিছিল সেই বিষয়ে জানিবলৈ জাননী জাৰি কৰা হৈছে ৷
16 আৰু 19 জুনত এই আঠজন লোকৰ বেছি সংখ্যকেই বোমা বিস্ফোৰণ আৰু গুলিয়াগুলীত গুৰুতৰ ভাবে আহত হোৱা ব্যক্তি ৷ এই লোকসকলে বৰ্তমান চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে আৰু ইয়াৰোপৰি দুজন ব্যক্তি আছে যি দুজনে যোৱা দুমাহ ধৰি তেওঁলোকৰ চিকিৎসাৰ বাবে ভৰ্তি হৈ আছে ৷ ম্যানমাৰৰ তামু জিলাৰ এই লোকসকলৰ তদন্তৰ বাবে 28 জুনত আৰক্ষীয়ে জাৰি কৰা এই জাননী আজি সংবাদ মাধ্যমত উপলব্ধ হয় ৷