গুৱাহাটী, 12 জানুৱাৰী: ম্যানমাৰস্থিত বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে সেনা ৷ মঙলবাৰে ম্যানমাৰ মিজোৰাম সীমান্তত বাহৰ পাতি থকা বিদ্ৰোহী সংগঠনসমূহক লক্ষ্য কৰি কৰা হয় এই এয়াৰ ষ্ট্ৰাইক (Myanmar air strike) ৷ প্ৰাপ্ত বাতৰি অনুসৰি এই বিমান আক্ৰমণত দুটা বোমা ভাৰতৰ ভূমিৰ ফালেও নিক্ষেপ কৰা হৈছিল (Myanmar air strikes target rebel camp near border) ৷ চম্ফাই জিলাৰ এজন বিষয়াই জনোৱা অনুসৰি, এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই, কিন্তু এই আক্ৰমণত সীমান্তৰ ওচৰৰ এখন নদীৰ পাৰত এখন ট্ৰাক ক্ষতিগ্ৰস্ত হৈছে ।
ইয়াৰ পিছতে এটা বিদ্ৰোহী সংগঠনৰ এজন সদস্যই নিজৰ নাম প্ৰকাশ নকৰিবলৈ কৈ সংবাদমাধ্যমক জনায় যে সামৰিক যুঁজাৰু বিমানে মঙলবাৰে তেওঁলোকৰ শিবিৰত কেইবাটাও বোমা নিক্ষেপ কৰে, যাৰ ফলত সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিবেশৰ সৃষ্টি হয় ৷ সেই সময়ত ম্যানমাৰ আৰু মিজোৰমাৰ সীমাস্বৰূপ টিয়াউ নদীৰে কিছু সাধাৰণ লোকো পাৰ হৈ গৈ আছিল ৷ জেটেৰ নিক্ষেপ কৰা দুটা বোমাৰ বিস্ফোৰণৰ পৰা তেওঁলোকে কথমপি ৰক্ষা পৰে ৷
ফাৰকাৱান ভিলেজ কাউন্সিলৰ সভাপতি ৰামাইয়ে ভাৰতীয় ভূখণ্ডত বোমা বিস্ফোৰণৰ কথা নিশ্চিত কৰিছে (bombs inside mizoram Indian territory)। তেওঁ উল্লেখ কৰে যে বোমা বিস্ফোৰণত তিনিখন যুঁজাৰু বিমান আৰু দুখন হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছিল। বোমা বিস্ফোৰণৰ ফলত টিয়াউ নদীৰ ওচৰত ৰখাই থোৱা এখন ট্ৰাকো ক্ষতিগ্ৰস্ত হৈছিল ।