অসম

assam

ETV Bharat / bharat

Rahul Gandhi: মোৰ মনত এই কথা স্পষ্ট যে মই কি কৰিব লাগিব আৰু মোৰ কাম কি; ৰাহুল গান্ধী - Modi Surname case

‘‘যদি আজি নহয়, তেন্তে কাইলৈ; আৰু যদি কাইলৈ নহয়, তেন্তে তাৰ পিচত সত্যৰ জয় হয় ৷’’ মোদী উপাধি গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা বৃহৎ সকাহ লাভ কৰাৰ পাচতেই প্ৰথমবাৰৰ বাবে এইদৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে ৷

Rahul Gandhi
Rahul Gandhi

By

Published : Aug 4, 2023, 6:31 PM IST

নেশ্যনেল ডেস্ক, 4 আগষ্ট: মোদী উপাধি গোচৰত ৰাহুল গান্ধীৰ শাস্তি সৰ্বোচ্চ ন্যায়ালয়ে স্থগিত ৰখাৰ পাচতে প্ৰথমবাৰৰ বাবে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ প্ৰথম প্ৰতিক্ৰিয়া হিচাবে ৰাহুল গান্ধীয়ে কয় যে ভাৰতৰ ধাৰণাটো সুৰক্ষিত কৰক, তেতিয়া সত্য সদায় বিৰাজ কৰে ৷

শীৰ্ষ ন্যায়ালয়ে ৰাহুল গান্ধীক সকাহ দিয়াৰ কেইঘণ্টামান পিচতে টুইটাৰযোগে তেওঁ কয়, ‘‘যি হওক, মোৰ কৰ্তব্য একেই আছে । ভাৰতৰ ধাৰণাটো সুৰক্ষিত কৰক ৷’’ উল্লেখ্য যে শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশটোৱে ৰাহুল গান্ধীৰ সাংসদ পদ পুনৰ ঘূৰাই পোৱাৰ পথ প্ৰশস্ত কৰিছে ৷

ইয়াৰ পাচতেই ৰাহুল গান্ধীয়ে সংবাদমেল সম্বোধন কৰি কয়, ‘‘যদি আজি নহয়, তেন্তে কাইলৈ; আৰু যদি কাইলৈ নহয়, তেন্তে তাৰ পিচত সত্যৰ জয় হয় ৷ কিন্তু মোৰ পথ স্পষ্ট ৷ মোৰ মনত এই কথা স্পষ্ট যে মই কি কৰিব লাগিব আৰু মোৰ কাম কি ৷ আমাক সহায় কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ৷ মই জনসাধাৰণক তেওঁলোকৰ মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ জনাইছো ৷’’

উল্লেখ্য যে গুজৰাট উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীক প্ৰদান কৰা শাস্তিৰ ৰায় শুকুৰবাৰে স্থগিত ৰাখে সৰ্বোচ্চ ন্যায়ালয়ে ৷ ইয়াৰ পাচতেই সমগ্ৰ দেশতেই কংগ্ৰেছ নেতা-কৰ্মীসকলৰ মাজত উঠিছে আনন্দৰ জোৱাৰ ৷ ন্যায়াধীশ বি আৰ গাভাই, পি এছ নৰসিংহ আৰু সঞ্জয় কুমাৰক লৈ গঠিত এখন বিচাৰপীঠে কয় যে বিচাৰ আদালতৰ ন্যায়াধীশে গোচৰটোত গান্ধীৰ ওপৰত সৰ্বাধিক দুবছৰৰ শাস্তি আৰোপ কৰাৰ কোনো উপযুক্ত কাৰণ উল্লেখ কৰা নাই ৷

ইফালে ৰাহুল গান্ধীয়ে গোচৰদাতা পূৰ্ণেশ মোদীয়ে তেওঁৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিব বুলি উল্লেখ কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ গান্ধীয়ে কয়, ‘‘গোচৰদাতাই কেইবাবাৰো নিজৰ অসামঞ্জস্যপূৰ্ণ বিবৃতিৰে কিছু সন্দেহৰ সৃষ্টি কৰিছে যে মোদী উপাধি থকা সকলো লোকক পৃথক, চিনাক্তযোগ্য আৰু এক সীমিত শ্ৰেণী হিচাপে চিনাক্ত কৰিব পাৰি ৷’’

লগতে পঢ়ক:Modi surname case : বাহাল থাকিব ৰাহুল গান্ধীৰ সাংসদ পদ !

ABOUT THE AUTHOR

...view details