অসম

assam

ETV Bharat / bharat

ছাগলীৰ হাড় এটুকুৰাৰ বাবেই শিৰত সেন্দুৰ...

কইনা আৰু দৰাৰ পৰিয়ালৰ মাজত বিশেষ ঠাই লাভ কৰিলে এটুকুৰা ছাগলীৰ হাড়ে ! বিবাহস্থলীত ঘটিল এই ঘটনা-

Mutton nalli
কাজিয়া মাংসৰ টুকুৰাক লৈ

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 10:56 PM IST

নেশ্যনেল ডেস্ক, 26 ডিচেম্বৰ :এক অদ্ভুত ঘটনা, এটুকুৰা ছাগলীৰ হাড়ে এখন বিয়াত পালন কৰিলে এটা ডাঙৰ ভূমিকা ! ছাগলীৰ হাড় টুকুৰা ইমানেই প্ৰয়োজনীয় আছিল যে সেই টুকুৰাৰ ওপৰতে নিৰ্ভৰ কৰিছিল বিয়াখনৰ ভৱিষ্যৎ ৷ ভাবি চাওক ছাগলীৰ মাংসৰ দাম ! মানে পৰিস্থিতিটো এনেকুৱা যে এফালে হাতত ছাগলী মাংস, আনফালে কইনাৰ শিৰত দিবলৈ দৰাৰ হাতত সেন্দুৰ ৷ কেনে এক উৎকণ্ঠাৰ পৰিৱেশ ৷

ঘটনাটো ঘটিছে জাগতিয়াল জিলাত ৷ খবৰ অনুসৰি জাগতিয়াল জিলাৰ মেটপল্লী মণ্ডলৰ এজন যুৱকৰ নিজামাবাদ জিলাৰ এগৰাকী ছোৱালীৰ সৈতে বাগ্দান কৰা হৈছিল । দুয়োটা পৰিয়ালে যৌতুক, উপহাৰ আৰু অন্যান্য প্ৰথাগত আনুষ্ঠানিকতাৰ বিষয়ে সকলো আলোচনা কৰি আজৰি হৈ আছিল । কিন্তু নৱেম্বৰৰ প্ৰথম সপ্তাহত এংগেজমেণ্টৰ সময়ত ঘটিল অঘটন ৷ ছোৱালীজনীৰ বাসগৃহত আয়োজন কৰা ভোজৰ সময়ত ল’ৰাজনৰ আত্মীয়ই খোৱাৰ পাতত বহি ছাগলীৰ হাড় বিচাৰে ৷

টলীউডৰ চলচ্চিত্ৰ 'বালাগাম'ত মৃত্যুৰ অনুষ্ঠানত আয়োজিত ভোজত ছাগলীৰ হাড়ৰ অনুপস্থিতিত আইনী দুই ভাইৰ মাজত হোৱা বিবাদ দেখুওৱা হৈছে । ঠিক একেই ঘটনাই যেন ঠাই ল’লে এই বিয়াখনত ৷ ছাগলীৰ হাড় এটুকুৰাক লৈ আৰম্ভ হৈ গ’ল কইনা আৰু দৰাৰ পৰিয়ালৰ মাজত কাজিয়া ৷ বিয়াও বাতিল কৰা হয় । জানিব পৰা গৈছে যে দৰাৰ আত্মীয়সকলে কইনাৰ পৰিয়ালৰ দ্বাৰা আয়োজিত ভোজত ছাগলীৰ হাড় বিচৰাৰ পিচত পৰিৱেশন নকৰাৰ বাবে এই সৰু বিষয়টোক লৈ তীব্ৰ তৰ্ক কৰে । পিচত দুয়োটা পৰিয়াল আৰক্ষী চকীলৈও যায়, কিন্তু সমস্যাটো সমাধান কৰিব নোৱাৰি অৱশেষত বিবাহ বাতিল কৰে ।

এই ঘটনাটো এতিয়া এক ব্যাপক বিতৰ্কৰ বিষয় হৈ পৰিছে । এই বাস্তৱ জীৱনৰ ঘটনাটো 'বালাগাম' চলচ্চিত্ৰত দেখুওৱা হৈছে য’ত দৰ্শকে দেখিবলৈ পাই কেনেদৰে সৰু সৰু সমস্যাবোৰে বিবাদৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত বৈবাহিক অনুষ্ঠানৰ দৰে অনুষ্ঠানৰো পৱিত্ৰতা প্ৰভাৱিত হ’ব পাৰে । এষাৰ কথা আছে ‘বিয়া দৈৱ মিলন, ইশ্বৰে মানুহৰ বিবাহ ঠিক কৰি থয় বুলি আমি বিশ্বাস কৰো, কিন্তু সেই বিয়াৰ কাম-কাজ, নীতি-নিয়ম আমি পৃথিৱীত পালন কৰোঁ । কিন্তু কেতিয়াবা পৰিয়ালৰ সদস্য আৰু আত্মীয়সকলে তেওঁলোকৰ অহংকাৰ পূৰণ কৰিবলৈ যিকোনো স্তৰলৈ নামি যাব, যাৰ ফলত এনে পবিত্ৰ অনুষ্ঠানো আধৰুৱা হৈ ৰয় ৷ এনে ধৰণৰ ঘটনা বহুবাৰ ঘটিছে, যিবোৰ সংবাদ মাধ্যমত প্ৰচাৰ নহয় । এই ঘটনাটোৱে বহুতৰ দৃষ্টি আকৰ্ষণ কৰিছে কিয়নো এটা সৰু কথা, এটুকুৰা মাংসৰ হাড়ৰ বাবে বিয়াখন বাতিল কৰা হয়, যিটো সমাধান কৰিব পৰা গ’লহেঁতেন ।

লগতে পঢ়ক :দুৰ্বাৰ প্ৰেম, আঠমঙলাত ঘৰলৈ আহি স্বামীক ঘৰত এৰি থৈ প্ৰাক্তন প্ৰেমিকৰ সৈতে...

ABOUT THE AUTHOR

...view details