নেশ্যনেল ডেস্ক, 14 জানুৱাৰী:‘জয় শ্ৰীৰাম’ নোকোৱাৰ বাবেই পুনৰ শাৰীৰিক উৎপীড়ন আৰু নিৰ্যাতনৰ বলি হ’ল এগৰাকী মুছলমান ব্যক্তি(Muslim man forced to raise religious slogan) ৷ জয় শ্ৰীৰাম বুলি নোকোৱাৰ বাবেই ট্ৰেইনৰ পৰা গতিয়াই উলিয়াই দিয়া হয় ব্যক্তিগৰাকীক(Muslim man forced to say Jai Shree Ram) ৷ দিল্লী-প্ৰতাপগড় পদ্মাৱত এক্সপ্ৰেছত সংঘটিত হৈছে এই ঘটনা ৷
ঘটনানুসৰি, উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ বাসিন্দা আছিম হুছেইন নামৰ পিতলৰ ব্যৱসায়ীগৰাকী দিল্লী-প্ৰতাপগড় পদ্মাৱত এক্সপ্ৰেছেৰে( Delhi Pratapgarh Padmawat Express) যাত্ৰা কৰাৰ সময়তে কেইজনমান উদণ্ড যুৱকে তেখেতক জয় শ্ৰীৰাম বুলি ক’বলৈ নিৰ্দেশ দিয়ে ৷ কিন্তু জয় শ্ৰীৰাম বুলি কোৱাৰ পৰা বিৰত থাকে আছিম হুছেইন ৷ ইয়াৰ পিচতেই উদণ্ড যুৱকৰ দলটোৱে আছিম হুছেইনক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে এটা প্লেটফৰ্মত গতিয়াই বাহিৰ কৰি দিয়ে(Muslim man assaulted in train) ৷ ইতিমধ্যেই এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷
লগতে পঢ়ক : Shootout For 10 Rupees : সুৰাৰ বটলৰ দাম 10 টকা বেছিকৈ লোৱাৰ বাবেই গুলীচালনা