নেশ্যনেল ডেস্ক,১৮ নৱেম্বৰ:সমগ্ৰ ভাৰতবৰ্ষতে পৱিত্ৰ ষট পূজাক লৈ উখল-মাখল পৰিৱেশ । পৱিত্ৰ ষট পূজাৰ আনন্দৰ মাজতে চৰ্চালৈ আহিছে এটি ব্যতিক্ৰমী পৰিয়ালৰ প্ৰসংগ । বিহাৰৰ বেতিয়াৰ এটা মুছলমান পৰিয়ালে বিগত ১৫ বছৰ ধৰি উদযাপন কৰি আহিছে পৱিত্ৰ ষট পূজা । পৰিয়ালটোৱে অতি আড়ম্বৰপূৰ্ণবাৱে উদযাপন কৰি আহিছে এই পৱিত্ৰ উৎসৱটি । বিগত ১৫ বছৰ ধৰি ষট পূজা উদযাপন কৰি ষট মহাপৰ্বই যে সম্প্ৰীতিৰ জ্ঞান দিয়ে তাকেই উল্লেখ কৰে ।
এই ষট পূজাত কোনো উচ্চ বা নিম্ন, ধৰ্মক গুৰুত্ব দিয়া নহয় । সমাজৰ সকলো লোকেই প্ৰায় অংশগ্ৰহণ কৰা দেখা যায় ষট পূজাত । ঠিক একেদৰে বিহাৰৰ বেতিয়াৰ পৰিয়ালটোৱেও উদযাপন কৰি আহিছে ষট পূজা । পশ্চিম চম্পাৰণ জিলাৰ চানপতিয়া খণ্ডৰ মহানাকুলি গাঁৱৰ এই পৰিয়ালটোত, মাক আৰু জীয়েকে সম্পূৰ্ণ বিশ্বাস আৰু ভক্তিৰে ষট উৎসৱ উদযাপন কৰে । ষট উৎসৱৰ সময়ত হিন্দু পৰিয়ালসমূহে পালন কৰা কৰা পদ্ধতি তেওঁলোকে অনুসৰণ কৰে । তেওঁলোকে বিশ্বাস কৰে যে হিন্দুধৰ্মৰ মহান উৎসৱ ষট উৎসৱ জাতিৰ উৰ্ধত ।
জানিব পৰা মতে হাৰুণ মিঞাৰ পৰিয়ালে যোৱা ১৫ বছৰ ধৰি ষট পূজা কৰি আহিছে । তেওঁৰ পত্নী ছালিনা খাতুন আৰু জীয়ৰী ৰেহানাই ষট পূজা উদযাপন । হাৰুণ মিঞাৰ পত্নী ছালিনাই কয় যে বিবাহৰ বহু বছৰৰ পিছত তেওঁৰ চাৰিগৰাকী কন্যা শ্বাহনাজ খাতুন, সৰুণ খাতুন, চাহাবুন, অঞ্জুম খাতুনৰ জন্ম হৈছিল । স্বামী আৰু পত্নীয়ে এটা পুত্ৰৰ বাবে আশা কৰিছিল ।