নিউজ ডেস্ক, ১৮ মে' :নতুন দিল্লীৰ প্ৰগতি ময়দানত আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় এক্সপো, ২০২৩-ৰ (International Museum Expo 2023) উদ্বোধনী অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, "আজিৰ অনুষ্ঠানটোৱে ভাৰতৰ সংগ্ৰহালয়ৰ বিশ্বত এক বৃহৎ সন্ধিক্ষণ আনিব (Modi inaugurate Museum Expo 2023) । সংগ্ৰহালয়বোৰ এতিয়া কেৱল আমাৰ যুৱসকলৰ বাবে ভ্ৰমণ কৰা স্থান হৈ থকা নাই । সেইবোৰ কেৰিয়াৰৰ সুযোগ । সংগ্ৰহালয়বোৰে বিশ্বজুৰি সাংস্কৃতিক বিনিময়ৰ মাধ্যম হিচাপে কাম কৰিব পাৰে ।"
তেওঁ লগতে কয়, "দাসত্বৰ সময়ছোৱাত আমাৰ বহুতো পাণ্ডুলিপি আৰু পুথিভঁৰাল জ্বলাই দিয়া হৈছিল । ই কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্ব আৰু সমগ্ৰ মানৱ জাতিৰ বাবেই ক্ষতি আছিল ।" প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অমৃত মহোৎসৱত ভাৰতৰ ঐতিহ্য সংৰক্ষণৰ প্ৰচেষ্টাৰ লগতে এক নতুন সাংস্কৃতিক আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে (Museum Expo 2023 at Pragati Maidan) ।
"অমৃত মহোৎসৱত ভাৰতৰ ঐতিহ্য সংৰক্ষণৰ লগতে আমি এক নতুন সাংস্কৃতিক আন্তঃগাঁথনিও গঢ়ি তুলিছোঁ । দেশৰ এই প্ৰচেষ্টাসমূহত স্বাধীনতা সংগ্ৰামৰ ইতিহাসো আছে আৰু হাজাৰ হাজাৰ বছৰৰ ঐতিহ্যও আছে ।" প্ৰধানমন্ত্ৰীয়ে কয় । মোদীয়ে লগতে কয় যে স্বাধীনতাৰ পিছত দেশৰ ঐতিহ্য সংৰক্ষণৰ বাবে সঠিক প্ৰচেষ্টা হাতত লোৱা হোৱা নাছিল আৰু ইয়াৰ ফলত জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ হৈছিল ।
"দুৰ্ভাগ্যবশত স্বাধীনতাৰ পিছত আমাৰ ঐতিহ্য সংৰক্ষণৰ বাবে যি প্ৰচেষ্টা কৰা উচিত আছিল, সেইবোৰ কৰিব পৰা নগ'ল । ঐতিহ্য সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ আৰু অধিক বৃদ্ধি পাইছে... মূল কথাটো হৈছে আমাৰ ঐতিহ্যৰ ওপৰত গৌৰৱ ।" প্ৰধানমন্ত্ৰী মোদীয়ে কয় । আনহাতে, সমবেত লোকসকলক উদ্দেশ্যি তেওঁ কয় যে ভাৰতৰ সকলো প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ যাত্ৰা আৰু অৱদানৰ প্ৰতি সমৰ্পিত এটা সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে ।