নেশ্যনেল ডেস্ক, 3 ছেপ্টেম্বৰ:প্ৰেমৰ নামত কিশোৰীক যৌন নিৰ্যাতন চলাই হত্যা কৰি গছত ওলোমাই থৈ আত্মহত্যাৰ ৰূপ দিয়াৰ দৰে জঘন্য কাণ্ড সংঘটিত হৈছে(Murder after sexual abuse with minor)ঝাৰখণ্ডৰ ৰাণীঝৰত ৷
ডুমকা জিলাৰ ৰাণীঝৰৰ এগৰাকী কিশোৰীয়ে প্ৰতিদিনে দৈনিক হাজিৰা কৰিবলৈ ৰাণীঝৰলৈ অহা যোৱা কৰিছিল ৷ এনেদৰে অহা যোৱা কৰোতেই এটা ৰাজমিস্ত্ৰীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে কিশোৰীগৰাকীৰ ৷ তাৰ পিছতেই ৰাজমিস্ত্ৰীটোৱে প্ৰেমৰ গইনা লৈ কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে ৷
শেহতীয়াকৈ কিশোৰীগৰাকী গৰ্ভৱতী হোৱা বুলি গম পায় প্ৰেমিকৰূপী ৰাজমিস্ত্ৰীটোৱে ৷ তাৰ পিছতেই এদিন কামলৈ অনা নিয়াৰ সুযোগ লৈ ৰাজমিস্ত্ৰীটোৱে কিশোৰীগৰাকীক হত্যা কৰি এডাল গছত ওলোমাই থৈ আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে ৷