অসম

assam

By

Published : Apr 2, 2021, 8:21 PM IST

ETV Bharat / bharat

উত্তৰ প্ৰদেশত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ, ধৰ্যণ কৰি হত্যাৰ অভিযোগ

উত্তৰ প্ৰদেশৰ হাপুড়ৰ চিম্বাৱলীত নিজ গৃহৰ পৰা বিদ্যালয়লৈ বুলি ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰে এগৰাকী ছাত্ৰী ৷ যাৰ পাছতে নয়ডাৰ চেক্টৰ-33 ত উদ্ধাৰ হয় ছাত্ৰীগৰাকীৰ মৃতদেহ ৷ অভিযোগ অনুসৰি ছাত্ৰীগৰাকীক কোনো দূৰ্বৃত্তই ধৰ্ষণ কৰি হত্য়া কৰে ৷

Murder after gang rape with girl in Hapur uttar pradesh
উত্তৰ প্ৰদেশত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ, ধৰ্যণ কৰি হত্যাৰ অভিযোগ

নিউজ ডেস্ক, 2 এপ্ৰিল: উত্তৰ প্ৰদেশৰ হাপুড়ৰ চিম্বাৱলীত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে ৷ য‘ত বিগত 22 মাৰ্চত এগৰাকী নাবালিকা ছাত্ৰী নিৰুদ্দেশ হৈ পৰিছিল ৷ এই ঘটনাৰ পাছতে ছাত্ৰীগৰাকীৰ মৃতদেহ নয়ডাৰ চেক্টৰ-33 ত উদ্ধাৰ হয় ৷

অভিযোগ অনুসৰি ছাত্ৰীগৰাকীক কোনো দূৰ্বৃত্তই ধৰ্ষণ কৰি হত্য়া কৰে আৰু পৰৱৰ্তী সময়ত মৃতদেহটো উক্ত স্থানত পেলাই থৈ যায় ৷ ইতিমধ্যে পৰিয়ালৰ লোকে খবৰটো লাভ কৰি নয়ডাত উপস্থিত হয় আৰু ছাত্ৰীগৰাকীৰ মৃতদেহটো লৈ হাপুড়ত উপস্থিত হয় ৷ পৰিয়ালৰ লোকে আৰক্ষীক ঘটনাটো ধৰ্ষণ আৰু হত্যাৰ দৃষ্টিকোণেৰে চাই তদন্ত চলাবলৈ দাবী জনাইছে ৷ ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, 22 মাৰ্চত দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকী নিজ গৃহৰ পৰা বিদ্যালয়লৈ বুলি ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰে ৷ যাৰ পাছতে উদ্ধাৰ হয় ছাত্ৰীগৰাকীৰ মৃতদেহ ৷ ইফালে ঘটনা সন্দৰ্ভত হাপুড়ৰ আৰক্ষী অধীক্ষক নীৰজ জাদোনে কয় যে, পৰিয়ালৰ লোকে নিজৰে আত্মীয়ৰ ওপৰতে ছাত্ৰীগৰাকীক অপহৰণ, ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপন কৰিছে ৷ আৰক্ষীয়ে এতিয়া ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : পুলৱামাত নিৰাপত্তাবাহিনীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details