নেশ্যনেল ডেস্ক, ২১ আগষ্ট :কৰ্ণাটকত আচৰিত ঘটনা । আটক হোৱা এজন অভিযুক্তক হত্যাকাৰীক প্ৰেমিকাৰ সৈতে ব্যক্তিগত লজত থাকিবলৈ দিলে আৰক্ষীয়ে (Police allow to stay murder accused in lodge)। ধাৰৱাড চহৰত সংঘটিত এই ঘটনাৰ পাছতে সমগ্ৰ ৰাজ্যখনতে তীব্ৰ প্ৰতিক্ৰিয়া (Shameful incident of Karnataka Police)।
আৰক্ষীয়ে জনোৱা মতে, বল্লাৰী আৰক্ষীয়ে হত্যাৰ গোচৰৰ অভিযুক্ত বাচ্চা খানক শনিবাৰে ধাৰৱাদৰ এখন আদালতত হাজিৰ কৰিবলৈ লৈ গৈছিল । আদালতত হাজিৰ কৰাৰ পাছত, আৰক্ষীয়ে উভতি যোৱাৰ পূৰ্বে অভিযুক্তজনক তেওঁৰ প্ৰেমিকাৰ সৈতে হোটেলৰ কোঠাত থাকিবলৈ অনুমতি দিছিল (Murder accused allowed to stay in lodge with lover)। আৰক্ষীয়ে জনোৱা মতে, আৰক্ষীৰ লোকসকলে সেই স্থানত পহৰা দি আছিল ।