অসম

assam

ETV Bharat / bharat

মুম্বাইৰ থানে আৰক্ষীয়ে অটোৰিক্সা চালকৰ পৰা সংগ্ৰহ কৰিলে 4 লাখ টকা - ব্ৰিহানমুম্বাই পৌৰ নিগম

শুকুৰবাৰ আৰু শনিবাৰে মুম্বাইৰ থানে আৰক্ষীয়ে 767 জন অটোৰিক্সা চালকৰ বিৰুদ্ধে COVID-19 প্ৰট'কল উলংঘনৰ গোচৰ ৰুজু কৰি 3,80,000 টকাতকৈ অধিক জৰিমনা সংগ্ৰহ কৰিছে ৷

মুম্বাইৰ থানে আৰক্ষীয়ে অটোৰিক্সা চালকৰ পৰা সংগ্ৰহ কৰিলে 4 লাখ টকা
মুম্বাইৰ থানে আৰক্ষীয়ে অটোৰিক্সা চালকৰ পৰা সংগ্ৰহ কৰিলে 4 লাখ টকা

By

Published : Feb 21, 2021, 10:53 PM IST

নেশ্যনেল ডেস্ক, 21 ফেব্ৰুৱাৰী: মুম্বাইৰ থানে আৰক্ষীয়ে শুকুৰবাৰ আৰু শনিবাৰে 767 জন অটোৰিক্সা চালকৰ বিৰুদ্ধে COVID-19 প্ৰট'কল উলংঘনৰ গোচৰ ৰুজু কৰি তেওঁলোকৰ পৰা 3,80,000 টকাতকৈ অধিক জৰিমনা সংগ্ৰহ কৰিছে বুলি যান-বাহন আৰক্ষীয়ে জনাইছে ।

ইয়াৰ আগতেও, মুম্বাই ডিভিজন অৱ ৰে'লৱে আৰু ব্ৰিহানমুম্বাই পৌৰ নিগমে (বিএমচি) 1ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীৰ ভিতৰত 4618 গৰাকী ৰে'ল যাত্ৰীৰ পৰা ফেচ মাস্ক পৰিধান নকৰাৰ বাবে জৰিমনা বিহিছিল ৷ কিয়নো বৰ্তমানেও COVID-19 মহামাৰীৰ প্ৰট'কল মানি চলাতো বাধ্যতামূলক বুলি স্বাস্থ্য বিভাগে ঘোষণা কৰিছে।

স্বাস্থ্য বিভাগে জনোৱা মতে, শনিবাৰে মহাৰাষ্ট্ৰত মুঠ 6281জন লোক নতুনকৈ COVID-19ত আক্ৰান্ত হোৱাৰ লগতে 40 জন লোকৰ মৃত্যু হৈছে ৷ ৰাজ্যখনত পুনৰ কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে মঙলবাৰে জ্যেষ্ঠ বিষয়াসকলক COVID-19 নিৰ্দেশনা অমান্য কৰা লোক বা সংগঠনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক:মহাৰাষ্ট্ৰত পুনৰ লকডাউন

ABOUT THE AUTHOR

...view details