অসম

assam

ETV Bharat / bharat

মুম্বাইত দ্ৰুত গতিত বৃদ্ধি হৈছে COVID-19 ত আক্ৰান্তৰ সংখ্যা  ; নতুনকৈ ১,৩৭৭ জন আক্ৰান্ত - মৃত্যু হোৱা লোকৰ সংখ্যা ১৬,৩৭৪ জনলৈ বৃদ্ধি

মুম্বাইত বিগত ৭ মাহৰ ভিতৰত মঙলবাৰৰ দিনটোত আটাইতকৈ বেছি লোক আক্ৰান্ত হ'ল ক'ভিড-১৯ ত (Covid cases increase in Mumbai) । বিগত ২৪ ঘণ্টাত মহামাৰীৰ কবলত পৰিল মুম্বাইৰ ১,৩৭৭ জন লোক । মঙলবাৰৰ দিনটোত আক্ৰান্তৰ হাৰ ৭০ শতাংশ বৃদ্ধিয়ে শংকিত কৰি তুলিছে মুম্বাইবাসীক ।

Covid cases increase in Mumbai
মুম্বাইত দ্ৰুত গতিত বৃদ্ধি হৈছে COVID19ত আক্ৰান্তৰ সংখ্যা

By

Published : Dec 29, 2021, 1:11 PM IST

নেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ: দেশৰ ভিন্ন প্ৰান্তৰ লগতে মুম্বাইতো পুনৰ ক'ভিড-১৯ মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । মুম্বাইত দৈনিক আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হৈছে (Mumbai records hike in covid cases) । মঙলবাৰৰ দিনটোত মুম্বাইত ১,৩৭৭ জন লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । মাত্ৰ এটা দিনত হোৱা এই সংক্ৰমণ বিগত সাত মাহৰ ভিতৰতে সৰ্বাধিক ।

সোমবাৰৰ দিনটোত মুম্বাইত ৮০৯ জন লোক আক্ৰান্ত হৈছিল আৰু মঙলবাৰে আক্ৰান্তৰ হাৰ ৭০ শতাংশ বৃদ্ধি হয় (70 percent cases increases in 24 hours in Mumbai) । বৃহৎ মুম্বাই পৌৰ নিগমৰ তথ্য অনুসৰি, মুম্বাইত ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ৭,৭৩,২৯৮ জনলৈ বাঢ়িছে আৰু মঙলবাৰ পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬,৩৭৪ জনলৈ বৃদ্ধি পাইছে (Covid-19 death toll in Mumbai) । মঙলবাৰে ৩৩৮ জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে । এতিয়ালৈকে মুম্বাইত ৭,৪৮,৫৩৭ জন লোক আৰোগ্য হৈ উঠিছে ।

বৰ্তমান মুম্বাইত সক্ৰিয় ৰোগীৰ সংখ্যা ৫,৮০৩ গৰাকী । বি এম চিৰ তথ্য মতে, যোৱা ২৪ ঘণ্টাত ৩২,৩৬৯টা নমুনা পৰীক্ষা হৈছে আৰু মুম্বাইত এতিয়ালৈকে ১,৩৫,২৪,৬১০ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ।

২১-২৭ ডিচেম্বৰৰ ভিতৰত মুম্বাইত ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ হাৰ ০.০৭ শতাংশ আছিল । শেহতীয়াকৈ সংক্ৰমণ বৃদ্ধি হোৱাত শংকা বৃদ্ধি হৈছে । আনহাতে, ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই মহাৰাষ্ট্ৰ চৰকাৰে ইতিমধ্যে নতুন নিষেধাজ্ঞা জাৰি কৰিছে । এই নতুন নিৰ্দেশসমূহ ২৫ ডিচেম্বৰৰ মাজনিশাৰ পৰা কাৰ্যকৰী হয় আৰু পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত এই নিৰ্দেশনাই কাৰ্যকৰী হৈ থাকিব ।

বৰদিন আৰু নৱবৰ্ষ উপলক্ষে অনুষ্ঠানৰ আয়োজন আৰু জন সমাৱেশ মুম্বাইত নিষিদ্ধ কৰা হৈছে । মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সাৱধনতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইফালে, দেশৰ কেইবাখনতো ৰাজ্যত চিন্তাজনকভাৱে ক'ভিড-১৯ ৰ ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণো বৃদ্ধি পাইছে ।

লগতে পঢ়ক: Flight cancelled due to Covid 19 : বৰদিনৰ প্ৰাকমূহুৰ্তৰ পৰা বৰ্তমানলৈকে ১১,৫০০ খন বিমানৰ যাত্ৰা বাতিল

ABOUT THE AUTHOR

...view details