মুম্বাই, 26 নৱেম্বৰ:26/11 মুম্বাই আক্ৰমণ,ভাৰতৰ মাটিত সংঘটিত এক অন্যতম ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ ৷ পাকিস্তানৰ পৰা সাগৰীয় পথেৰে লস্কৰ-ই-তৈবাৰ 10 জনীয়া সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে 2008 চনৰ নৱেম্বৰ 26 তাৰিখে মুম্বাইত চলোৱা এই আক্ৰমণে 12 টাকৈ বছৰ পাৰ কৰিলে ৷ 166 গৰাকী লোকে প্ৰাণ হেৰুৱা আৰু 300 ৰো অধিক লোক আঘাতপ্ৰাপ্ত হোৱা এই ভয়াবহ আক্ৰমণৰ দ্বাদশ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে মুম্বাই আৰক্ষীয়ে আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ ৷ বিশেষকৈ এই আক্ৰমণত প্ৰাণ হেৰুওৱা শ্বহীদ সুৰক্ষা কৰ্মী সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে মুম্বাই আৰক্ষীয়ে এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে ৷
ক'ৰণা অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি অতি সীমিত সংখ্যক লোকেহে এই অনুষ্ঠানত অংশ ল'ব ৷ দক্ষিণ মুম্বাইৰ আৰক্ষী মুখ্য কাৰ্যালয়ত নৱনিৰ্মিত স্মৃতিসৌধত এই অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ অনুষ্ঠানত শ্বহীদ আৰক্ষী আৰু সুৰক্ষা কৰ্মী সকলৰ পৰিয়ালে অংশ ল'ব বুলি জানিব পৰা গৈছে ৷ মহাৰাষ্ট্ৰ গভৰ্ণৰ ভগত সিঙ কশ্যৰী, মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে,গৃহমন্ত্ৰী অনিল দেশমুখ,ডিজিপি সুবোধ কুমাৰ জয়ছোৱাল,মুম্বাই আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙ আৰু অন্যন্য শীৰ্ষ বিষয়া সকলেও শ্বহীদ সকলক শ্ৰদ্ধা নিবেদন কৰিব বুলি জানিব পৰা গৈছে ৷