নেশ্যনেল ডেস্ক,27 এপ্ৰিল: ফোন টেপিঙৰ এক বিতৰ্কৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে আইপিএছ বিষয়া ৰশ্মি শুক্লাক আৰক্ষী চকীত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে ৷
মহাৰাষ্ট্ৰৰ মুখ্য সচিব সীতাৰাম কুন্তে তেওঁৰ তথ্য অনুসন্ধান প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, আইপিএছ বিষয়া ৰশ্মি শুক্লাই মহাৰাষ্ট্ৰ আৰক্ষী বিভাগত থকাৰ সময়তে বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাৱিছৰ বদলিকৰণৰ ক্ষেত্ৰত এক গোপনীয় পত্ৰ ৰাজহুৱা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ কিন্তু বিজেপি নেতা গৰাকীয়ে অভিযোগ কৰা অনুসৰি, মহাৰাষ্ট্ৰৰ মুখ্য সচিবে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক এই সম্বন্ধে এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷ যেতিয়া বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাৱিছে অভিযোগ উত্থাপন কৰিছিল যে, চৰকাৰে 'বদলিকৰণৰ কেলেংকাৰী'ৰ সন্দৰ্ভত কৰা ফোনৰ ওপৰত আধাৰিত কৰি শুক্লাৰ পত্ৰ বা প্ৰতিবেদন দাখিল কৰিছিল ।