অসম

assam

By

Published : Apr 14, 2021, 5:27 PM IST

ETV Bharat / bharat

ৱেজক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ মুম্বাই আৰক্ষীৰ

এন আই এৰ হাতত গ্ৰেপ্তাৰ হোৱা শচীন ৱেজৰ চাকৰিৰ বৰ্খাস্তৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এনআইএ) ১৩ মাৰ্চত সহকাৰী আৰক্ষী পৰিদৰ্শক (এপিআই) ৱেজক ঘটনা সংক্ৰান্তত গ্ৰেপ্তাৰ কৰিছিল । মহানগৰ আৰক্ষীৰ বিশেষ শাখাই শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ সন্ত্ৰাসবাদ বিৰোধী দললৈ (এটিএছ) বিশেষ পত্ৰ লিখিছে আৰু গোচৰটো সৈতে জড়িত নথিপত্ৰ বিচাৰিছে ।

এণ্টিলিয়া কাণ্ড:ৱেজক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ মুম্বাই আৰক্ষীৰ
এণ্টিলিয়া কাণ্ড:ৱেজক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ মুম্বাই আৰক্ষীৰ

নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল: উদ্যোগপতি মুকেশ আম্বানীৰ বাসগৃহৰ সন্মুখত উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰী লগতে ব্যৱসায়ী মনসুখ হীৰেনৰ হত্যাকাণ্ডৰ তদন্ত অব্যাহত আছে । তাৰ মাজতে এন আই এৰ হাতত গ্ৰেপ্তাৰ হোৱা শচীন ৱেজৰ চাকৰিৰ বৰ্খাস্তৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এনআইএ) ১৩ মাৰ্চত সহকাৰী আৰক্ষী পৰিদৰ্শক (এপিআই) ৱেজক ঘটনা সংক্ৰান্তত গ্ৰেপ্তাৰ কৰিছিল । মহানগৰ আৰক্ষীৰ বিশেষ শাখাই শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ সন্ত্ৰাসবাদ বিৰোধী দললৈ (এটিএছ) বিশেষ পত্ৰ লিখিছে আৰু গোচৰটো সৈতে জড়িত নথিপত্ৰ বিচাৰিছে ।

এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে হীৰেনৰ হত্যাৰ সন্দৰ্ভত পঞ্জীয়ন কৰা এজাহাৰৰ প্ৰতিলিপি আৰু ব্যৱসায়ীজনৰ পত্নীৰ বিবৃতিও আছে য'ত তেওঁ ৱেজৰ মৃত্যু সন্দৰ্ভত সন্দেহৰ আঙুলি তুলিছিল । এটিএছে ইতিমধ্যে মুম্বাই আৰক্ষীক নথিপত্ৰ প্ৰদান কৰিছে । জানিব পৰা মতে বিশেষ শাখাইও এনআইএৰ পৰা একেধৰণৰ তথ্য বিচাৰিছিল । নথিপত্ৰসমূহ লাভ কৰাৰ পিছতে বিশেষ শাখাই শেহতীয়াকৈ সংবিধানৰ অনুচ্ছেদ ৩১১ৰ অধীনত ৱেজক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

বিশেষ সূত্ৰই জনোৱা মতে এটিএছ আৰু এনআইএৰ পৰা লাভ কৰা নথিপত্ৰৰ আধাৰত বিশেষ শাখাই ৱেজক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবে চৰকাৰলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰু সেই অনুসৰি সিদ্ধান্ত লোৱা হ'ব ।

আম্বানি নিৰাপত্তা সন্দৰ্ভত তদন্তৰ অংশ হিচাপে এনআইএয়ে অপৰাধ চোৰাংচোৱা গোট (চিআইইউ)ত ৱেজৰ সৈতে কাম কৰা এপিআই ৰিয়াজুদ্দিন কাজী, প্ৰাক্তন আৰক্ষী বিনায়ক চিন্দে আৰু ক্ৰিকেট বুকি নৰেশ গোৰকো গ্ৰেপ্তাৰ কৰিছিল । কাজীক সোমবাৰে চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে ।

লগতে পঢ়ক:কৰ'ণাত আক্ৰান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

ABOUT THE AUTHOR

...view details