অসম

assam

ETV Bharat / bharat

ভুৱা টীকাকৰণঃ কেইবাটাও গোচৰ ৰুজু মুম্বাই আৰক্ষীৰ - Multiple arrests in fake vaccination case

ভুৱা টীকাকৰণৰ গোচৰৰ সন্দৰ্ভত একাধিক এজাহাৰ দাখিল কৰিছে মুম্বাই আৰক্ষীয়ে । শেহতীয়াকৈ, মুম্বাই আৰক্ষীয়ে মুম্বাইৰ পোৱাই অঞ্চলত থকা এক বিলাসী আৱাসিক ছ'চাইটিৰ ৩৯০ জন বাসিন্দাক প্ৰদান কৰা ভুৱা প্ৰতিষেধক সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ।

Mumbai police file multiple FIRs in fake vaccination case
ভুৱা টীকাকৰণৰ অভিযোগত কেইবাটাও গোচৰ ৰুজু মুম্বাই আৰক্ষীৰ

By

Published : Jun 22, 2021, 5:46 PM IST

নেশ্যনেল ডেস্ক, ২২ জুন: এফালে ক'ভিড-১৯ৰ সংক্ৰমণ আৰু আনফালে জীৱনদায়িনী ঔষধক লৈ একাংশৰ ক'লা বেহা । মহাৰাষ্ট্ৰৰ দৰে ক'ভিড-১৯ৰ সংক্ৰমণ বেছি হোৱা ৰাজ্যত এতিয়া প্ৰতিষেধকক লৈও আৰম্ভ হৈছে ব্যৱসায় । কালৰূপী মহামাৰীৰ কবলৰ পৰা ৰক্ষা পৰিবলৈ মানুহে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ হেতা-ওপৰা লগাইছে । কিন্তু ইয়াৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে মানৱ জীৱনৰ সৈতে হেতালি খেলিছে ।

ভুৱা প্ৰতিষেধক দি ৰামঠগন দিছে মানুহক । এনে অসাধু ব্যৱসায়ীক নাকী লগাবলৈ তৎপৰ হৈ পৰিছে মুম্বাই আৰক্ষী । মুম্বাই আৰক্ষীয়ে ভুৱা টীকাকৰণৰ সন্দৰ্ভত একাধিক এজাহাৰ দাখিল কৰিছে । শেহতীয়াকৈ, মুম্বাই আৰক্ষীয়ে মুম্বাইৰ পোৱাই অঞ্চলত থকা এক বিলাসী আৱাসিক ছ'চাইটি হীৰানন্দিনী হেৰিটেজৰ ৩৯০ জন বাসিন্দাক প্ৰদান কৰা ভুৱা প্ৰতিষেধক সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ।

জানিব পৰা মতে, যোৱা ৩০ মে'ত হীৰানন্দিনী হেৰিটেজত এটা টীকাকৰণ শিবিৰৰ আয়োজন কৰা হৈছিল । পিছত, ক'-উইন(COWIN) প'ৰ্টেলে টীকাকৰণ অভিযানত অংশগ্ৰহণ কৰা লোকসকলৰ কোনো তথ্য প্ৰদৰ্শন কৰা নাছিল । তদুপৰি, অংশগ্ৰহণকাৰীসকলে বিভিন্ন চিকিৎসালয়ৰ পৰা টীকাকৰণ প্ৰমাণপত্ৰও লাভ কৰিছিল ।

ইফালে, মুম্বাই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পাঁচ জন লোকক গ্ৰেপ্তাৰ কৰিছে । আনহাতে, আন এজন চিকিৎসক বৰ্তমান পলাতক হৈ আছে । মুম্বাই আৰক্ষীয়ে এতিয়ালৈকে মুম্বাইৰ খাৰ, ভাৰ্ছোভা আৰু কান্দিভালী অঞ্চলত ভুৱা টিকাকৰণ সম্পৰ্কীয় তিনিটা গোচৰ ৰুজু কৰিছে । মুঠতে সংকটজনক পৰিস্থিতিৰ মাজতে একাংশ অপকৰ্ম কৰিবলৈ এৰা নাই ।

এই পৰিস্থিতিত মানুহৰ জীৱন ৰক্ষা কৰাত সহায় কৰাৰ পৰিৱৰ্তে মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিবলৈও কুণ্ঠাবোধ কৰা নাই । ইফালে, কিছুদিন পূৰ্বে দিল্লী, মহাৰাষ্ট্ৰত ৰেমডেছিবিৰৰ অবৈধ বেহা চলোৱাৰ অভিযোগত আৰক্ষীয়ে বহু লোকক আটক কৰিছিল । নকল ৰেমডেছিবিৰ জব্দও কৰিছিল আৰক্ষীয়ে । সেয়ে, এতিয়াও এনে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Toycathon ৰ অংশগ্ৰহণকাৰীৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details