নিউজ ডেস্ক, ৯ জুন : দিল্লীৰ শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তিয়ে এইবাৰ জোকাৰি গৈছে মায়ানগৰী মুম্বাই (Manoj Sane alleged murder live in partner) । এগৰাকী ব্যক্তিয়ে তেওঁৰ শয্যাসংগীক হত্যা কৰি মৃতদেহটো টুকুৰা-টুকুৰ কৰি প্ৰেছাৰ কুকাৰত ৰন্ধাৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষীয়ে ব্যক্তিজনৰ ফ্লেটৰ পৰা তেওঁৰ লিভ-ইন সঙ্গীৰ কটা আৰু ৰন্ধা শৰীৰৰ অংশ উদ্ধাৰ কৰাৰ পিছত আদালতে অভিযুক্ত মনোজ ছানেক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে (mumbai live in partner muder case) । শেহতীয়া তথ্য মতে, অভিযুক্ত মনোজ ছানেয়ে বিগত কেইদিনমান ধৰি কুকাৰত সিজোৱা মাংস কুকুৰক খুৱাই আছিল । উল্লেখ্য, এই লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযোগত মহাৰাষ্ট্ৰৰ থানে জিলা আদালতে ৫৬ বছৰীয়া ব্যক্তিজনক ১৬ জুনলৈকে জেৰাৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।
আৰক্ষীয়ে চুবুৰীয়াৰ উদ্ধৃতি দি কৈছে যে ছানেয়ে বিগত কেইদিনমান ধৰি পথৰ কুকুৰক কিবা খুৱাই আছিল । কিন্তু চুবুৰীয়াসকলে তেওঁক বা তেওঁৰ সঙ্গীক পূৰ্বতে এইটো কৰা দেখা নাছিল (Saraswati Vaidya murder case in Mumbai) । "তেওঁলোকে তেওঁক আগতে এইটো কৰা দেখা নাছিল ।" এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই এই কথা কয় । অৱশ্যে বিষয়াজনে এইটো কথা স্পষ্ট কৰা নাছিল যে ছানেয়ে তেওঁৰ সংগীৰ ৰন্ধা মাংস খুৱাইছিল নে কেৱল পথৰ কুকুৰৰ সৈতে বন্ধুত্ব কৰিবলৈ চেষ্টা কৰিছিল । কিয়নো তেওঁ সংগীৰ শৰীৰটো নিষ্কাশন কৰিবলৈ শৰীৰৰ অংগবোৰ লৈ একাধিকবাৰ বাহিৰলৈ যাবলগা হৈছিল ।
যদিও আৰক্ষীয়ে এতিয়াও অপৰাধটোৰ আঁৰৰ উদ্দেশ্য কি সেয়া নিৰ্ধাৰণ কৰিব পৰা নাই, তথাপি ছানেৰ বিৰুদ্ধে নয়া নগৰ আৰক্ষী থানাত দাখিল কৰা এফআইআৰত হত্যা আৰু প্ৰমাণ ধ্বংসৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে । আনহাতে, ছানেয়ে দাবী কৰিছে যে তেওঁৰ লিভ-ইন সঙ্গীয়ে আত্মহত্যা কৰিছে । তেওঁ ভাবিছিল যে এই কাৰ্যত তেওঁকে দোষ দিয়া হ'ব । সেয়েহে তেওঁৰ শৰীৰটো নিষ্কাশন কৰাৰ সিদ্ধান্ত লৈছিল । অৱশ্যে এজন আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে, আৰক্ষীৰ জিম্মাত সোধাপোছাৰ পিছত প্ৰকৃত সত্যটো ওলাই পৰিব ।
ভুক্তভোগী সৰস্বতী বৈদ্য (৩৬) হৈছে এগৰাকী অনাথ মহিলা । তেওঁ ছানেৰ সৈতে থাকিবলৈ লোৱাৰ পূৰ্বে পশ্চিম উপনগৰ বৰভিলিৰ এটা আশ্ৰমত বাস কৰি আছিল । তেওঁ প্ৰথমে ছানেক ৰেচনৰ দোকানত কাম কৰোতে লগ পাইছিল । তাৰ পিছত তেওঁলোক ২০১৪ চনৰ পৰা ঘনিষ্ঠ হৈ পৰে । তেওঁলোকে ২০১৬ চনৰ পৰা একেলগে থাকিবলৈ আৰম্ভ কৰে । তাৰ পিছত তিনি বছৰ পূৰ্বে তেওঁলোক মীৰা ৰোডস্থিত এপাৰ্টমেণ্টলৈ স্থানান্তৰিত হয় । চুবুৰীয়াসকলৰ মতে, তেওঁলোকক পূৰ্বে কেতিয়াও কাজিয়া কৰা দেখা পোৱা নাই আৰু সদায়ে তেওঁলোকে আপোন হৈ আছিল ।